কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা অসমে কিবা আশা কৰিব পাৰেনে?

  • অদীপ কুমাৰ ফুকন

 ২০১৬ চনৰ অক্টোবৰ মাহত যোগ গুৰু বুলি পৰিচিত ৰামদেৱে অসমৰ বাবে কিবা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ ৰামদেৱে ঘোষণা কৰিছিল– অসমত ১৩০০ কোটি টকা বিনিয়োগ কৰিব৷ ৫ হাজাৰ লোকক প্ৰত্যক্ষভাৱে নিয়োগ কৰাৰ হ’ব৷ বনৌষধ উৎপাদনৰ জৰিয়তে ৰাজ্যৰ এক লাখ কৃষক উপকৃত হ’ব৷ ৰাজ্যত বনৌষধ আৰু খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ৰামদেৱৰ ‘পতঞ্জলি হাৰবেল এণ্ড মেগা ফুড পাৰ্ক’ক অসম চৰকাৰে ১৫০ একৰ ভূমি দিলে তেজপুৰৰ বালিপাৰাত৷ ফুড পাৰ্কৰ নামত ৰামদেৱে অতিৰিক্ত ৩৩ একৰ ভূমি বিচাৰিলে অসম চৰকাৰৰ পৰা৷ বালিপাৰাত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেগা ফুড পাৰ্কৰ আধাৰশিলা স্থাপন কৰিলে৷ এতিয়া প্ৰশ্নটো হ’ল বালিপাৰাত ৰামদেৱেৰ পতঞ্জলিয়ে বৰ্তমানলৈ কিমান সংখ্যক অসমৰ যুৱক-যুৱতীক সংস্থাপন দিছে? অসমৰ কিমান সংখ্যক কৃষক উপকৃত হৈছে? অসমে কি পালে?

২০১৬ চনতে চিৰাং জিলাত ৰামদেৱৰ পতঞ্জলিয়ে অসম চৰকাৰৰ পৰা ৪৮৫ হেক্টৰ ভূমি লাভ কৰিলে৷ স্থায়ীভাৱে থকা বহু সংখ্যক লোকক উচ্ছেদ কৰি ৰামদেৱক যোগ শিক্ষা তথা প্ৰশিক্ষণ দিয়াৰ বাবে দিয়াৰ হ’ল৷ সেই সময়ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে এনে উচ্ছেদ কাৰ্যক তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছিল৷ পতঞ্জলিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত কামৰূপ জিলাৰ মিৰ্জাত বিশাল এলেকা লৈ মুকলি কৰিলে যোগ কেন্দ্ৰ৷ উত্তৰ গুৱাহাটীতো ৰামদেৱে পতঞ্জলিৰ নামত বৃহৎ এলেকা নিজৰ দখলত ৰাখিছে৷

অতি ভয়ঙ্কৰ দিশটো হ’ল দেশৰ লগতে বিশ্বৰ বিভিন্ন স্থানত বিৰোধ কৰা, কৃষি আৰু পৰিৱেশৰ বাবে শত্ৰুস্বৰূপ তৈল খেজুৰ খেতি অসমত কৰাৰ বাবে চৰকাৰে পতঞ্জলিক অনুমোদন জনাইছে৷ বিশ্বৰ বিভিন্ন দেশে তৈল খেজুৰ উৎপাদনক প্ৰত্যাহ্বান জনোৱাৰ সময়ত ভাৰত চৰাকৰে ১১,০৪০ কোটি টকাৰ ৰাষ্ট্ৰীয় আঁচনি গ্ৰহণ কৰিছে৷ তিনিচুকীয়া, যোৰহাট, গোলাঘাট, নগাঁও, কামৰূপ আৰু গোৱালপাৰাত তৈল খেজুৰ তথা পাম অইলৰ খেতি কৰাৰ দায়িত্ব দিছে পতঞ্জলিক৷

২০২১ৰ ছেপ্টেম্বৰত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰীয়ে পতঞ্জলিৰ পৰিচালন সঞ্চালকৰ সৈতে অসমৰ চাহপাতৰ পৰা ঔষধি আৰু সুগন্ধি প্ৰস্তুত কৰাৰ প্ৰসঙ্গত আলোচনা কৰে৷ অসম চৰকাৰে পতঞ্জলিৰ লগত টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ বুজাবুজি চুক্তি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷

অসমত ৰামদেৱৰ পতঞ্জলিৰ ব্যৱসায় প্ৰসাৰৰ লগতে চৰকাৰৰ পৰা ভূমি লাভ কৰা বিষয়সমূহৰ সময় সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ পৰা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ বিভাগৰ মন্ত্ৰী থকা সময়ত৷ পতঞ্জলি গ্ৰুপক সহায়-সহযোগ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ আৰু কি কি কাম আছে, জনসাধাৰণে জনা উচিত৷ যোগ শিক্ষা আৰু প্ৰশিক্ষণত আয়ুষ বিভাগে অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ সাম্প্ৰতিক সময়ত আয়ুষ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ৷ স্বাস্থ্য ক্ষেত্ৰৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণ, উপাৰ্জনৰ পথ মুকলি কৰা, পুঁজিৰ বহিঃ গমনত বাধা দিয়া, ভেষজ উদ্ভিদৰ উৎপাদন তথা বজাৰ দখল কৰাৰ লগতে পৰম্পৰাগত ঔষধৰ চাহিদা বৃদ্ধি কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আছে আয়ুষ বিভাগৰ৷ তাৰ বাবে ১১টা বিষয় লৈ কেন্দ্ৰীয় চৰকাৰে ‘আয়ুষ মিচন’ঘোষণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে ২০১৩-১৪ বৰ্ষৰ তুলনাত বৰ্তমানলৈ প্ৰতিবছৰে বাজেটৰ পৰিমাণ এই বিভাগত বৃদ্ধি কৰিছে৷ অসমৰ বাবে গৌৰৱৰ লগতে সুযোগ আৰু সহযোগ লাভ কৰাৰ বিষয়টো হ’ল কেন্দ্ৰীয় চৰকাৰে অতি গুৰুত্ব দিয়া বিভাগটো মন্ত্ৰীত্বৰ দায়িত্বত আছে অসমৰ ৰাজ্যসভাৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

আমাৰ মুকলি প্ৰশ্নটো হ’ল ৰামদেৱৰ পতঞ্জলিক সহযোগ কৰাৰ বাহিৰে আয়ুষ মন্ত্ৰণালয়ৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে অসমৰ বাবে কি কৰিছে? হয়, আমি প্ৰত্যক্ষ কৰিছোঁ যে মন্ত্ৰী সোণোৱালে যোগ শিক্ষাক গুৰুত্ব দিছে৷ ২০২২ বৰ্ষত শিৱসাগৰত যোগ মহোৎসৱ অনুষ্ঠিত কৰিছিল৷ ২০২৩ বৰ্ষত ডিব্ৰুগড়ত যোগ মহোৎসৱ অনুষ্ঠিত কৰিছে৷ বাকী? আয়ুষ মিচনৰ ১১টা কৰ্মসূচীৰ ভিতৰত বনৌষধৰ ওপৰত গৱেষণা আৰু উন্নয়নৰ দিশটো আছে৷ বনৌষধি উদ্ভিদ উৎপাদন, ইয়াৰ বীমাকৰণৰ লগতে নূন্যতম মূল্য খেতিয়কে লাভ কৰাৰ ওপৰতো আয়ুষ মিচনৰ কৰ্মসূচীত আছে৷ অসমত মন্ত্ৰী সোণোৱালৰ এইক্ষেত্ৰত পদক্ষেপ কি? আয়ুষ বিভাগৰ ঘোষণা পত্ৰৰ মতে দেশত ৭৫০খন বনৌষধি বাগিচা আছে, শিক্ষানুষ্ঠান সমূহত ২৮১৩খন বনৌষধৰ বাগিচা আৰু ব্যক্তিগতভাৱে নাগৰিকৰ গৃহত ২২,৮০৩ খন বনৌষধৰ বাগিচা আছে৷ বনৌষধি গছৰ বাবে দেশৰ ১২৭৬ খন নাৰ্চাৰি মুকলি কৰিছে৷ বনৌষধি উদ্ভিদ বাবে দেশত ৬২০টা গুদাম আছে বনৌষধি উদ্ভিদ শুকোৱাৰ ব্যৱস্থা কৰা হৈছে৷ কৃষকৰ পৰা বনৌষধি উদ্ভিদ ক্ৰয় কৰাৰ বাবে জিলা পৰ্যায়ত ৪২টা ইউনিট কৰা হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আমাৰ মুকলি প্ৰশ্ন– এনে স্তৰৰ ব্যৱস্থা অসমত কেইটা আছে? ক’ত কৰা হৈছে?

অসমৰ পৰা আয়ুষ বিভাগৰ এগৰাকী মন্ত্ৰী লাভ কৰাত আমি এটা সুযোগ পাইছিলো৷ অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু জনসাধাৰণৰ উপাৰ্জনৰ দিশটোৰ ক্ষেত্ৰত বনৌষধৰ ক্ষেত্ৰখন অতি গুৰুত্বপূৰ্ণ৷ বিশ্বৰ অৰ্থনীতিৰ বৰ্তমানৰ চিন্তাধাৰা, গৱেষণা আদিৰ প্ৰতি লক্ষ্য ৰাখি এইটো নিশ্চিত হৈ পৰিছে যে অহা বছৰসমূহ বায়োটেকন’লজিৰ যুগ হিচাপে চিহ্নিত হ’ব৷ বায়োটেকন’লজিৰ পৰা উদ্ভুত অৰ্থনৈতিক আৰু সামাজিক বিষয়সমূহে অগ্ৰাধিকাৰ পাব৷ তথ্য-প্ৰযুক্তি আৰু জৈৱ প্ৰযুক্তিৰ মাজত ইতিমধ্যে এক প্ৰতিযোগিতা চলিছে৷ তথ্য প্ৰযুক্তিৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাহে লাহে জৈৱ প্ৰযুক্তিয়ে দখল দিবলৈ আৰম্ভ কৰিছে৷ জৈৱ সম্পদ এক অক্ষয় ভড়াঁল৷ পৃথিৱীৰ সকলো উদ্ভিদ, প্ৰাণী, অনুজীৱ প্ৰজাতিৰ সামগ্ৰিক সমষ্টিয়েই জৈৱ সম্পদ৷ বিশ্বৰ ভৱিষ্যৎ অৰ্থনীতিৰ আধাৰ জৈৱ সম্পদ বুলি ইতিমধ্যেই আলোচিত হৈছে৷ জৈৱ সম্পদৰ মাজত বিশাল অৰ্থনৈতিক গুৰুত্বসম্পন্ন সম্ভাৰ আছে৷ ভৱিষ্যৎ অৰ্থনীতিৰ গুৰুত্বলৈ লক্ষ্য ৰাখি বহু দেশে জৈৱ প্ৰযুক্তিক শৈক্ষিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণভাৱে অন্তৰ্ভুক্ত কৰি লৈছে৷ প্ৰকৃতাৰ্থত ১৯৮০ৰ দশকৰ পৰাই আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ ধ্বজাবাহী জৈৱ প্ৰযুক্তিৰ বিকাশৰ বিষয়টোত গুৰুত্ব লাভ কৰিছে৷ জৈৱ সম্পদৰ ভিতৰত বনৌষধি আৰু সুগন্ধি উদ্ভিদসমূহে বিশ্বৰ বজাৰত বিশেষভাৱে গুৰুত্ব লাভ কৰিছে৷ পৰম্পৰাগত চিকিৎসাৰ বজাৰ সিংহভাগ দখল কৰিছে বনৌষধিয়ে৷ যৌগিক আৰু বহু ধাতুৰ উপাদানেৰে গঠিত ঔষধবোৰে লাহে লাহে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ বিকল্প হিচাপে আয়ুৰ্বেদিক ঔষধে বজাৰ দখল কৰিবলৈ আৰম্ভ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ ৮০ শতাংশ লোকে আজি আযুৰ্বেদিক ঔষধ গ্ৰহণ কৰে৷

পৃথিৱীৰ জৈৱ সম্পদৰ চহকী অঞ্চলসমূহক বৈজ্ঞানিক পৰিভাষাত ‘হট-স্পট’বুলি কোৱা হয়৷ বিশ্বৰ এনে ‘হট-স্পট’সমূহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলো এটা৷ জৈৱ সম্পদৰ অতি গুৰুত্বপূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলৰ বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ ওপৰত সংশ্লিষ্ট পক্ষসমূহে গুৰুত্ব নিদিয়াৰ বাবে দুষ্ট শক্তিসমূহে বাধাহীনভাৱে লুণ্ঠন চলাই আছে৷ আমাৰ প্ৰস্তাৱ হ’ল অসমত থকা জৈৱ বিচিত্ৰতাই বিশ্বৰ বজাৰত নিজৰ স্থান দখল কৰা সম্ভৱ আৰু সেইটো কৰাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰা উচিত৷ অসমে এক জৈৱ বিপ্লৱ আৰম্ভ কৰিব পাৰে৷ অসমত থকা বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ অনুসন্ধান কৰি লগে লগে পেটেণ্টিং কৰাটো অগ্ৰাধিকাৰ দিব লাগে৷ অসমত কিমানবিধ বনৌষধি উদ্ভিদ আছে সেইটো এতিয়াও স্পষ্টকৈ ক’ব পৰা হোৱা নাই৷ এইক্ষেত্ৰত বিভিন্ন আলোচক আৰু গৱেষকৰ মত ভিন্ন ভিন্ন৷ কাৰ্বি আংলং জিলাতে বৰ্তমানলৈ ৫২০ বিধ ঔষধি গছৰ সম্ভেদ পোৱা গৈছে৷ আয়ুৰ্বেদৰ মতে এহেজাৰ সাতশ উদ্ভিদৰ ঔষধি গুণ আছে৷

অসমত বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ কেন্দ্ৰ কৰি এক সুকীয়া অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তুলিব পাৰিলে ৰাজ্যৰ ৰাজহ বৃদ্ধি হোৱাৰ লগতে গ্ৰামাঞ্চলৰ মানুহৰ উপাৰ্জনৰ পথ মুকলি হ’ব৷ এক শক্তিশালী গ্ৰাম্য অৰ্থনীতি গঢ়ি উঠিব৷ ইয়াৰ বাবে বজাৰ সম্বন্ধীয়, গৱেষণা সম্বন্ধীয় দুৰ্বলতা আঁতৰ কৰিব লাগিব৷ ভাৰতীয় পদ্ধতিত ঔষধে এটা সুযোগ পাইছে৷ এই সুযোগ অসমে গ্ৰহণ কৰিব লাগে৷ জাতীয় পুঁজি গঢ়ি তোলাৰ যথেষ্ট সুযোগ থকা অসমৰ বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ ওপৰত ভিত্তি কৰি এখন বজাৰ  গঢ়ি তোলাৰ প্ৰয়োজন হ’ব ৷

দেশত বনৌষধি উদ্ভিদৰ প্ৰসাৰ আৰু খেতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অধীনত প্ৰায় ৪,০০০ কোটি টকা নিৰ্দ্ধাৰণ কৰিছে ৷ বনৌষধি গছ ৰূপণৰ বাবে ৩০ শতাংশ, ৫০ শতাংশ, ৭৫ শতাংশ কেন্দ্ৰীয় চৰকাৰে সাহায্য আগবঢ়াইছে ৷ এই বিভাগটোৰ মন্ত্ৰীজন অসমৰ সন্তান৷ তেখেতৰ পৰা অসমে এইক্ষেত্ৰত আশা কৰাটো ভুল হ’ব নেকি?

 

ফোন : ৯৭০৭০২৪৬১২

Leave a Reply