অগণন ঔষধি গুণেৰে সমৃদ্ধ তুলসী গছ

তুলসীৰ বিভিন্ন নাম : ভাৰতীয় বিভিন্ন ভাষাত তুলসীক বিভিন্ন নামেৰে জনা যায়৷ বঙালী, গুজৰাটী, হিন্দী আৰু পাঞ্জাৱীত তুলসী, মালায়ালম আৰু তামিলত থুলাচী, মাৰাঠীত থুলাচ, ওড়িয়াত তুলসী, তেলেগুত ওডধি নামেৰে জনা যায়৷

ইংৰাজী নাম : চেক্ৰড বেচিল (Sacred Basil) নাইবা হলি বেচিল (Holi Basil)

বৈজ্ঞানিক নাম : অচিমান চেংকটাম৷

সংস্কৃতি নাম : সুভগা, পাৱনী, সুৰভি, বুবুপত্ৰী, হৰিপ্ৰিয়া, শ্যামগৌৰী, ভূতপত্ৰী, বৃন্দা, পুণ্যা, পবিত্ৰা, অমৃতা, সাধ্বী, পত্ৰ, পুষ্পা সুন্ধা, ভুতঘ্নী ইত্যাদি৷

শ্ৰেণী : উদ্ভিদ বিজ্ঞানৰ শ্ৰেণী বৰ্গীকৰণৰ মতে তুলসী বেচিলেচি গোটৰ অন্তৰ্গত ৷

পৰিচয় : হিন্দু ধৰ্মৰ কাৰণে তুলসী অতি পৱিত্ৰ গছ৷ তুলসী গছৰ পাত খোৱা বা হাতেৰে স্পৰ্শ কৰা বাদেই শুই উঠি তুলসী গছ দেখিলেই পাপ খণ্ডন হয় বুলি হিন্দু শাস্ত্ৰই কয়৷ তুলসী গছ বহু বছৰ জীয়াই থকা জোপোহা জাতীয় গছ৷ গা-গছত বহুতো সৰু সৰু ঠাৰি থাকে৷ পাত সৰু, খাঁজ কটা, ফুলৰ ৰং কজলা বা ৰঙচুৱা৷ ডালৰ ৰং সাধাৰণতে কজলা৷

প্ৰকাৰ : ভাৰতবৰ্ষত কেইবা প্ৰকাৰৰো তুলসী উৎপন্ন হোৱা দেখা যায়৷ ইয়াৰ ভিতৰত – ১৷ ক’লা বা কলীয়া তুলসী ২৷ ৰাম তুলসী আৰু ৩৷ ফুলাল তুলসী আদিয়েই প্ৰধান৷ দ্বিতীয়বিধ অৰ্থাৎ ৰাম তুলসীক বগা তুলসী আৰু তৃতীয় বিধক বন তুলসী বোলা হয়৷ এই তিনিও বিধ তুলসীৰ ভিতৰত বগা আৰু ক’লীয়া তুলসীয়েই আটাইতকৈ বেছি ঔষধ গুণ সম্পন্ন আৰু বেছিকৈ ব্যৱহাৰ হয়৷

ব্যৱহাৰৰ মাত্ৰ : তুলসী গছৰ প্ৰতিটো অংশই ঔষধ হিচাপে ব্যৱহাৰ হয়৷ যদিও ইয়াৰ পাত আৰু ঠাৰিহে বেছিকৈ ব্যৱহাৰ হয়৷ তুলসীৰ কেঁচা পাতৰ ৰস ২৫ গ্ৰাম বয়সস্থ লোকৰ কাৰণে আৰু কেঁচুৱাৰ কাৰণে ৫ গ্ৰামৰ পৰা ২০ গ্ৰাম পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বীজ ব্যৱহাৰ কৰিলে ৫ গ্ৰামৰ পৰা ১৫ গ্ৰাম পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰে৷

তুলসী গছ উৎপন্ন হোৱা দেশ : তুলসী গছ ভাৰতবৰ্ষৰ উপৰিও আৰব, আফ্ৰিকা, ব্ৰাজিল, শ্ৰীলংকা, ব্ৰহ্মদেশ, ইৰাণ, ইউৰোপ, চীন, জাপান, অষ্ট্ৰেলিয়া মালয়েচিয়া আদি দেশত উৎপন্ন হয়৷

উল্লেখযোগ্য যে হিন্দু শাস্ত্ৰৰ প্ৰতিটো মাঙ্গলিক কাৰ্যত তুলসীৰ পাত ব্যৱহাৰ কৰাৰ প্ৰথা আছে৷ প্ৰসাদত তুলসীৰ পাত নহ’লেই নহয়৷ সেইদৰে বিভিন্ন পূজা পাতলত তুলসীৰ পাত শুদ্ধিকৰণৰ কাৰণে ব্যৱহাৰ কৰা হয়৷ আমাৰ কেৱল জীৱিত কালতেই নহয় মৃত্যুৰ আগমূহূৰ্ততো তুলসী গছৰ পাত ব্যৱহাৰ হয়৷

তুলসীৰ গুণ : তুলসী যিদৰে অতি পৱিত্ৰ গছ ঠিক সেইদৰে ইয়াৰ গুণো অতি চমৎকাৰ৷ তুলসী এবিধ উৎকৃষ্ট ৰসায়ণ৷ ই তিতা, কেহা, উষ্ণ, বায়ু, পিত্ত আৰু কফ নাশক৷ বিষ, মুখৰ দুৰ্গন্ধ, হেকেতি, কুষ্ঠ, পেটৰ বিষ, কাহ, ক্ৰিমি, বমি আদি ৰোগৰ কাৰণে উপযোগী৷ বুকুৰ কাৰণে তুলসীৰ ৰস উপকাৰী৷ তুলসীৰ ৰস নিয়মীয়াকৈ খালে ছাল, মাংস আৰু হাড়ৰ মাজত ৰোগে আক্ৰমণ কৰিব নোৱাৰে বুলি অথৰ্ববেদ শাস্ত্ৰত উল্লেখ আছে৷ তুলসীৰ ৰসে এলাহ, ভাগৰ, জ্বৰ, পানীলগা, অৰুচি, বাত বেমাৰ, গ্ৰহণী, অজীৰ্ণ প্ৰভৃতি ৰোগসমূহ উপশম কৰিব পাৰে৷ তুলসীৰ পাতে তেজ পৰিষ্কাৰ কৰাত বিশেষ সহায় কৰে৷ ব্ৰংকাইটিছ, কাণৰ বিষ আদিৰ বীজাণু নাশক৷

কাহত : তুলসী পাতৰ ৰসৰ লগত সম পৰিমাণৰ ২০ গ্ৰাম মৌজোল মিহলি কৰি খুৱালে আচৰিত গুণ দিয়ে৷ অকল তুলসীৰ ৰস খালও কফ উলিয়াই সোনকালে বাহিৰ কৰি দিয়ে৷ সৰু ল’ৰা-ছোৱালীৰ কাহ হ’লে তুলসীৰ পাতৰ ৰসৰ লগত মৌজোল আৰু দোৰোণ পাতৰ ৰস মিহলি কৰি খুৱালে অমৃতৰ দৰে কাম কৰে৷ বিশেষকৈ লেং কাহত এইধৰণে চমৎকাৰ ফল দিয়ে৷

শিশুৰ শৌচ কঠিন হ’লে : তুলসী পাতৰ ৰস ২০ গ্ৰাম খুৱালেই শৌচ স্বাভাৱিক হয়৷

পেটৰ বিষত : তুলসীৰ ৰস আৰু আদাৰ ৰস সম পৰিমাণৰ লৈ (২০ গ্ৰামকৈ) মিহলি কৰি দিনে ২ বাৰ খুৱাব লাগে, বিষ ভাল হ’বই৷

শিশুৰ পেটফুলা ৰেগাত : তুলসীৰ পাতৰ ৰস আৰু পাণৰ ৰস মিহলি কৰি খুৱালে পেট খোলোচা হৈ পেটফুলা ৰোগ আৰোগ্য হয়৷

কাণৰ বিষত : তুলসী পাতৰ ৰস কাণত ৪/৫ টোপাল দিলেই কাণৰ বিষ নাইকিয়া হয়৷

কাণ পকি পুঁজ বাহিৰ হৈ থাকিল : তুলসী পাতৰ ৰস মিহলি কৰি অলপ মৌজোল দি কাণত দিনে ২ বাৰকৈ দিলে কাণ পকা ভাল হয়৷

যকৃত ৰোগত : তুলসীৰ পাত চাহ কৰি খালে যকৃত ৰোগ ভাল হয়৷ নিৰোগীয়ে এনেদৰে খালে যকৃতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

শিশুৰ দাঁত গজা সময়ত ঘনাই শৌচ হ’লে : তুলসীৰ ৰস ১০ গ্ৰাম লগত সুমথিৰা টেঙা ৰস মিহলি কৰি খুৱালে সুফল পোৱা যায়৷

প্ৰস্ৰাৱ জ্বলা-পোৰা হ’লে : তুলসীৰ গুটি পিহি তাত চেনি মিহলাই খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা নাইকিয়া হয়৷

বসন্ত ৰোগত : বসন্ত ৰোগ তুলসীয়ে প্ৰতিৰোধ কৰিব পাৰে৷ ইয়াৰ ডাল আৰু শিপা দেহত ধাৰণ কৰিলে বসন্ত ৰোগ দেহত হ’ব নোৱাৰে বুলি জনা যায়৷ তুলসীৰ ৰস, মেথি গুটি আৰু কুটজ পিহি খুৱালে বসন্ত ৰোগ ভাল হয়৷ বসন্ত হ’লে বিচনাত তুলসীৰ পাত ৰাখিব লাগে৷ বসন্তৰ ফোঁহা শুকুৱাৰ পাছত বসন্তৰ দাগ গুচাবলৈ হ’লে কলীয়া তুলসীৰ ৰস দাগ পৰাত সানিলে দাগ সহজে নাইকিয়া হয়৷

বমি হ’লে : তুলসীৰ পাতত মৌ মিহলাই তাত চেনি মিহলি কৰি খুৱালে বমি বন্ধ হয়৷

ক্ৰিমি হ’লে : তুলসীৰ পাতৰ ৰস ২০ গ্ৰাম গৰম কৰি খালে ক্ৰিমি মৰে৷

শৌচ-বমি : বেছিকৈ হ’লে তুলসীৰ গুটি পিহি গাখীৰৰ লগত খুৱালে ভাল হয়৷

যিকোনো জ্বৰত : তুলসী পাতৰ ৰসত অলপ পিপলি গুড়ি মিহলি কৰি মৌৰ ৰসৰ লগত একেৰাহে ২/৩ দিন খালেই জ্বৰ নাইকিয়া হয় নাইবা তুলসী ৰসৰ লগত আদাৰ ৰস মিহলি কৰি খালেই জ্বৰ নাইকিয়া হয়৷

ৰক্তচাপ ৰোগত : তুলসী পাতৰ ৰসত সমপৰিমাণৰ কেঁচা হালধিৰ ৰস ২৫ গ্ৰামকৈ মিহলি কৰি নিয়মীয়াকৈ খালে উচ্চ ৰক্তচাপ ৰোগ ভাল হয়৷

নাকৰ ঘাঁত : তুলসী পাতৰ গুড়া নাকেৰে শুঙিব লাগে৷

সৌন্দৰ্য চৰ্চাৰ কাৰণ : ৰাতিপুৱা-গধুলি গোলনেমুৰ ৰসৰ সৈতে কলীয়া তুলসীৰ ৰস মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য স্থানত ভালকৈ সানিলে দেহৰ শ্ৰীবৃদ্ধি হয়৷

মুখৰ দুৰ্গন্ধ বা অন্যান্য ৰোগ নাইকীয়া কৰিবলৈ : ৰাতিপুৱা কেইটামান তুলসীৰ পাত চোৱাই খালে উপকাৰ পোৱা যায়৷

হৃদৰোগত : তুলসীৰ ৰস মৌৰ সৈতে খাব লাগে৷

মগজু শক্তিশালী : মগজু শক্তিশালী কৰিবৰ কাৰণে ৮/১০ খন তুলসীৰ পাত আৰু ৪/৫টা জালুক পিহি ৰাতিপুৱা নিয়মীয়াকৈ খাব লাগে৷

তেজ পৰিষ্কাৰ কৰিবৰ কাৰণে : ১০ খনমান তুলসীৰ পাত চোৱাই খাব লাগে৷

ঠাণ্ডা বা গৰমৰ বাবে মাত বহি গ’লে : তুলসীৰ ৰস ৪ চামুচ, পিঁয়াজৰ ৰস ৪ চামুচ আৰু আদাৰ ৰস ৪ চামুচ মিহলি কৰি তাত ৩ চামুচ মৌ মিহলাই ৰাতিপুৱা আৰু গধুলি দিনে ২ বাৰকৈ ৩/৪ দিন খালে ভাল হয়৷

দাঁতৰ বিষত : কলীয়া তুলসীৰ পাত ২০ খনমান আৰু ১০টামান জালুক পিহি বড়ি বনাই বিষ হোৱা দাঁতত ৫ মিনিট সময় ধৰি ৰাখিলে দাঁতৰ বিষ ভাল হয়৷

বহুমুত্ৰ ৰোগত : শুকান তুলসীৰ পাত চোৱাই খালে যথেষ্ট উপকাৰ পোৱা যায়৷

(উৎস : ডঃ গুণাৰাম খনিকৰ)

Leave a Reply