বিজেপিৰ ৰাজ্যিক নেতৃবৰ্গই সংকট সৃষ্টি কৰিছে কৰ্ণাটকত

অদীপ কুমাৰ ফুকন

দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ আগতে ২০২৩ বৰ্ষত ৬ খন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ ১০ মে’ত কৰ্ণাটকৰ নিৰ্বাচন, নৱেম্বৰ মাহত ছত্তিশগড়, মধ্যপ্ৰদেশ আৰু মিজোৰাম বিধানসভাৰ নিৰ্বাচন৷ ডিচেম্বৰ মাহত ৰাজস্থান আৰু তেলেংগানা বিধানসভাৰ নিৰ্বাচন৷ জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন থকাৰ বাবে এতিয়াও নিশ্চিত নহয় কেতিয়া বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ বৰ্তমান কৰ্ণাটক আৰু মধ্য প্ৰদেশত বিজেপিৰ চৰকাৰ, ছত্তিশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ, মিজোৰামত এম এন এফ আৰু তেলেংগানাত বিআৰএছৰ চৰকাৰ৷ এই বছৰতেই স্পষ্ট হৈ পৰিব, কোনখন ৰাজ্য কাৰ শাসনলৈ আহিব৷ ২০২৪১ লোকসভা নিৰ্বাচনৰ দৃষ্টিকোণেৰে এই ৬খন ৰাজ্যৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হ’ব৷

বহু কেইটা ৰাজনৈতিক অংকত ১০ মে’ত অনুষ্ঠিত হ’ব লগা কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন হ’ব অতি গুৰুত্বপূৰ্ণ৷ কৰ্ণাটকত বিজেপিয়ে পুনৰ শাসন বৰ্তাই ৰাখিব পাৰিবনে নোৱাৰে? কংগ্ৰেছে একালৰ দুৰ্গক পুনৰ উদ্ধাৰ কৰিব পাৰিবনে নোৱোৰে? জেডি [এছ] পুনৰ ‘কিং মেকাৰ’ হ’ব নেকি? এনে বহু প্ৰশ্ন সন্মুখত লৈ তুংগত উঠিছে কৰ্ণাটকৰ ৰাজনীতি৷ ৫,২১,৭৩,৫৭৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব কৰ্ণাটকৰ ৰাজনীতিৰ ভৱিষ্যত৷ অতি গুৰুত্বপূৰ্ণ দিশটো হ’ল কৰ্ণাটকৰ ১০০ বছৰ অতিক্ৰম কৰা ১৬,৯৭৬জন ভোটাৰে এইবাৰ নিৰ্বাচনত ভোট দান কৰিব৷ ১২.১৫ লাখ ভোটাৰে ৮০ বছৰ অতিক্ৰম কৰিছে৷ এইসকল অভিজ্ঞ ভোটাৰে কৰ্ণাটকৰ ভৱিষ্যৎ গঢ়িব৷ ৯.১৭ লাখ নতুন ভোটাৰেও কৰ্ণাটকৰ ৰাজনীতিত নিশ্চয় প্ৰভাৱ পেলাব৷

দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে কৰ্ণাটকত আঞ্চলিক ৰাজনীতিৰ প্ৰভাব নাই৷ কংগ্ৰেছ, বিজেপি আৰু জেডি [এছ] দলে কৰ্ণাটকৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে৷ বৰ্তমান শাসনত থকা বিজেপিৰ বাবে কৰ্ণাটকৰ ১০ মে’ৰ বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ৷ ২০২৪১ লোকসভা নিৰ্বাচনৰ লগতে দক্ষিণ ভাৰতৰ ৰাজনীতি, নিৰ্বাচন অনুষ্ঠিত হ’বলগা বাকী ৰাজ্যৰ ৰাজনীতি আৰু মেট্ৰ’চহৰ দখলৰ ৰাজনীতিৰ বাবে বিজেপিৰ বাবে অতি প্ৰয়োজন কৰ্ণাটকত পুনৰ ৰাজননৈতিক দখল৷ ২০১৯১ লোকসভা নিৰ্বাচনত বিজেপিয়ে কৰ্ণাটকৰ ২৮ খন আসনৰ ২৬ খনেই নিজৰ দখললৈ নিছিল৷ সেই গতি ৰক্ষাৰ বাবে কৰ্ণাটক বিধানসভাত বিজেপিৰ দখল লাগিব৷ কৰ্ণাটকৰ বাহিৰে দক্ষিণ ভাৰতৰ কোনো ৰাজ্যত বিজেপিৰ চৰকাৰ নাই৷ কৰ্ণাটক বিজেপিৰ হাতৰ পৰা গ’লে দিল্লীৰ শাসনত থকা বিজেপিৰ হাতত দক্ষিণ ভাৰতৰ ৰাজনীতি নাথাকিব৷ লগতে ৰাজনৈতিক প্ৰভাৱ পৰিব ২০২৩ বৰ্ষত অনুষ্ঠিত হ’ব লগা অন্যান্য ৬খন ৰাজ্যৰ নিৰ্বাচনত৷ আন এক গুৰুত্বপূৰ্ণ বিষয় হ’ল বাংগালুৰুৰ বাহিৰে দেশৰ অন্যান্য মেট্ৰ’চহৰ বিজেপিৰ ৰাজনৈতিক দখলত নাই৷ মুম্বাই শিৱসেনা থাক্কেৰ দখলত, দিল্লী আপৰ দখলত, কলকাতা তৃণমূল কংগ্ৰেছৰ দখলত, হায়দৰাবাদ বি আৰ এছৰ দখলত অথচ মেট্ৰ’চহৰ দখলত থকাটো দল পৰিচালনাৰ স্বাৰ্থত ৰাজনৈতিক দলসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ৷

যোৱা ২০ বছৰে কৰ্ণাটকৰ ৰাজনীতিত কংগ্ৰেছ, বিজেপি আৰু জেডি [এছ]ৰ ৰাজনৈতিক অংকৰ গতি প্ৰায় একেটা স্তৰতে আছে৷ কংগ্ৰেছ ৩৪ শতাংশৰ পৰা ৩৮ শতাংশ সমৰ্থকৰ ভিতৰত আছে৷ জেডি [এছ]য়ে ১৮ শতাংশৰ পৰা ২০ শতাংশৰ ভিতৰত আৰু বিজেপি ২৮ শতাংশৰ পৰা ৩৬ শতাংশৰ সমৰ্থকৰ ভিতৰত আছে৷ অৱশ্যে ২০১৩-ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৯.৯ শতাংশ ভোট লাভ কৰি ৪০খন আসনতে ক্ষান্ত থাকিব লগা হৈছিল৷ সেই বিষয়টোও এক আলোচনাৰ বিষয়৷

উত্তৰ ভাৰতৰ দৰে কৰ্ণাটকৰ ৰাজনীতিতো সাম্প্ৰদায়িক চিন্তা চৰ্চাই গুৰুত্বপূৰ্ণ অৱস্থান দখল কৰি আছে৷ কৰ্ণাটকৰ ৰাজনীতিত বিশেষকৈ দুটা সম্প্ৰদায় লিংগায়ত আৰু ভক্কালিগাছৰ প্ৰভাৱ যথেষ্ট৷ ১৬-১৭ শতাংশ লিংগায়ত সম্প্ৰদায়ৰ ভোটাৰ৷ বিজেপিৰ ৰাজনৈতিক কৌশলৰ অন্যতম আধাৰ এই লিংগায়ত সম্প্ৰদায়ৰ ভোটাৰসকল৷ ১৯৮১১ নিৰ্বাচনলৈ লিংগায়ত সম্প্ৰদায় কংগ্ৰেছৰ পক্ষত আছিল৷ লিংগায়ত নেতা বীৰেন্দ্ৰ পাটিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈছিল৷ কিন্তু কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতৰ বাবে বীৰেন্দ্ৰ পাটিল অসন্তুষ্ট হোৱাত বিজেপিৰ বাবে লিংগায়ত সম্প্ৰদায়ৰ সমৰ্থন সহজ হৈ পৰিল৷ ১৯৮৯ত ২২৪ খন আসনৰ ১৭৯খন কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছিল৷ ২০১৩১ নিৰ্বাচনৰ আগে আগে বিজেপিৰ আভ্যন্তৰীণ সংঘাতৰ বাবে ২০০৮ত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠন কৰা আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা বি এছ য়াদুৰাপ্পাই বিজেপি ত্যাগ কৰি কৰ্ণাটক জনতা পাৰ্টি গঠন কৰি ২০১৩ত নিৰ্বাচনত নামিল৷ মাত্ৰ ৮ খন আসন লাভ কৰিলে যদিও লিংগায়ত সম্প্ৰদায়ৰ ভোট বিজেপিৰ পৰা আঁতৰি আহিল৷ বিজেপিৰ ১১০খন আসন ৪০খনলৈ হ্ৰাস পালে আৰু ভোট ৩৩ শাতংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পালে৷ অৱশ্যে পিছত কৰ্ণাটক জনতা পাৰ্টি বিজেপিত মিলিতহৈ যোৱাত ২০১৮ত বিজেপিয়ে ১০৪খন আসন লাভ কৰিবলৈ সক্ষম হ’ল৷ এতিয়া য়াদুৰাপ্পাক বাদ দি বিজেপি আগবঢ়া সম্ভৱ নহয়৷ সেইটোৱেই কৰ্ণাটকৰ ৰাজনীতিত লিংগায়ত সম্প্ৰদায়ৰ শক্তি৷

আন এক সম্প্ৰদায় ভক্কালিগাছ৷ ১৩ৰ পৰা ১৪ শতাংশ এই সম্প্ৰদায়ৰ ভোটৰ ওপৰত জেডি [এছ]ৰ কৰ্তৃত্ব চলে৷ ১৮ শতাংশৰ পৰা ২০ শতাংশ অন্যতম ভোট বেংক ভক্কালিগাছ সম্প্ৰদায়৷

২০২৩ৰ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে অতি কঠিন যুঁজ হ’ব৷ বহু অভিযোগৰ বোজা কঢ়িয়াব লগা হৈছে কৰ্ণাটকৰ বিজেপি চৰকাৰে –

  • কৰ্ণাটকৰ বিজেপি চৰকাৰে সকলো চৰকাৰী কাম-কাজত ৪০ শতাংশ কমিছন আদায় কৰে বুলি অভিযোগ আছে৷
  • ২০২১ৰ জুলাইত কৰ্ণাটক ৰাজ্যিক ঠিকাদাৰ সন্থাৰ সভাপতি ডি কেম্পান্নায়ে প্ৰধানমন্ত্ৰীলৈ লিখিত অভিযোগ দিছিল যে চৰকাৰখনক বিভিন্ন কামত ৪০ শতাংশ কমিছন দিব লাগে৷
  • ২০২২ৰ ১২ আগষ্টত কেবিনেট মন্ত্ৰী সন্তুষ পাটিলে কমিচনৰ বাবে হেঁচা প্ৰয়োগ কৰাত ঠিকাদাৰ কে এছ এছোৰাপ্পাই আত্মহত্যা কৰে বুলি অভিযোগ উঠিছিল৷ কেবিনেট মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হ্’ল৷
  •  ৰাজ্যৰ ১৩ হাজাৰখন বিদ্যালয়ৰ দুটা প্ৰতিনিধি দলে ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ দুৰ্নীতিৰ প্ৰসঙ্গত প্ৰধানমন্ত্ৰীৰ ওচৰত অভিযোগ দিব লগা হৈছিল৷
  • ২০০ কোটি টকাৰ আবকাৰী কেলেংকাৰীত অভিযুক্ত কৰ্ণাটক চৰকাৰ৷
  • কৰ্ণাটক চৰকাৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিশেষকৈ মুছলমান আৰু খ্ৰীষ্টান লোকৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগ আছে৷

এনে ৰাজনৈতিক সংকটৰ পৰা কৰ্ণাটক বিজেপিক উদ্ধাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ গুৰুত্ব দিবলৈ বাধ্য হৈছে৷ প্ৰধান মন্ত্ৰী মোদীয়ে ইতিমধ্যেই ৬ বাৰ ৰোড শ্ব’কৰাৰ লগতে ১৬,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছে৷ কৰ্ণাটকত পুনৰ বিজেপিৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন সমৰ্থনৰ ওপৰত আৰু জেডি [এছ]ৰ সহযোগৰ ওপৰত৷ ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ নেতৃবৰ্গই মমতা বেনাৰ্জী তথা তৃণমূল কংগ্ৰেছৰ প্ৰসঙ্গত মৌনতাৰে ৰাজনৈতিক কৌশল অৱলম্বন কৰিছিল৷ ফলাফল বিজেপিৰ পক্ষলৈ আহিছিল৷ একেই কৌশল গ্ৰহণ কৰা পৰিলক্ষিত হৈছে কৰ্ণাটকত, জেডি [এছ]ৰ প্ৰসঙ্গত বিজেপিৰ নেতৃবৰ্গ মৌন৷ ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ ১১৩ খনতকৈ বেছি কংগ্ৰেছে যদি লাভ কৰিব নোৱাৰে অতি স্বাভাৱিকভাৱেই জেডি [এছ] বিজেপিৰ মিত্ৰ শক্তি হ’ব৷ লক্ষ্যণীয় বিষয়টো হ’ল বিজেপি আৰু জেডি [এছ]ৰ বহুকেইজন নেতা ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে৷ বিজেপিৰ নেতা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছেট্টাৰৰ লগতে বহুকেইগৰাকী প্ৰভাৱশালী লিংগায়ত নেতাই কংগ্ৰেছত যোগদান কৰাৰ লগতে প্ৰাৰ্থী হিচাপেও থিয় হৈছে৷ এটা পৰিয়ালৰ মাজতে আৱদ্ধ হৈ পৰা জেডি [এছ] বৰ্তমান ৰাজনৈতিক বিশ্বাসৰ সংকটত পৰিছে৷ এনে পৰিপ্ৰেক্ষিতত ১০ মে’ৰ কৰ্ণাটকৰ নিৰ্বাচন আৰু ১৩ মে’ৰ ফলাফল ৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবে অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিব৷

ফোন ঃ ৯৭০৭০২৪৬১২

Leave a Reply