অদীপ কুমাৰ ফুকন
গুৱাহাটীক প্ৰকৃতিয়ে হিয়া উজাৰি দান দিছে৷ আমি কেৱল বুজিব লাগে আৰু ইতিবাচক দিশেৰে গুৱাহাটীক লৈ কৰ্ম আঁচনি প্ৰস্তুত কৰিব লাগে৷ মুক্ত অৰ্থনীতি আৰু প্ৰতিযোগিতাৰ পৃথিৱীত আমি থিয় হৈ থাকিবলৈ হ’লে কোনো এটা বিষয়ত অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব দিব লাগিব৷ আমাৰ দৃষ্টিত এইক্ষেত্ৰত পৰ্যটন হ’ব পাৰে অন্যতম বিষয়৷ বিনিয়োগ আৰু বৈদেশিক মুদ্ৰা অহাৰ বাট পৰ্যটন ক্ষেত্ৰ৷ আন্তৰ্জাতিক পৰ্যটনৰ মেপত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলকো সাঙুৰি ল’ব পাৰিলে পৰ্যটনৰ এখন বহল ক্ষেত্ৰ পোৱা যাব৷ বিশ্ব পৰ্যটন সন্থাৰ প্ৰতিবেদনসমূহ লক্ষ্য কৰি আমি অসমৰ পৰ্যটন ক্ষেত্ৰ বিলাক সাজু কৰা উচিত৷ কোন বিলাক বিষয়ে দেশীয় আৰু আন্তৰ্জাতিক পৰ্যটকক আকৰ্ষণ কৰে আৰু আন্তৰ্জাতিক পৰ্যটকক আকৰ্ষণ কৰাত গুৰুত্ব দিয়াৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলক আকৰ্ষিত কৰিব পৰাকৈ পৰ্যটনৰ ক্ষেত্ৰ বিলাক সাজু কৰি ৰাখিব লাগিব৷ পৰ্যটন এটা ভাল ব্যৱসায়৷ ইয়াৰ বাবে প্ৰচাৰ অতি গুৰুত্বপূৰ্ণ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল– দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ আগতে অসমৰ মানুহৰ মানসিকতা পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰস্তুত কৰিব লাগিব৷
ছুইজাৰলেণ্ড, ফ্ৰান্স আদিত পাহাৰৰ ওপৰে ওপৰে আৰু সুৰংগৰ মাজেৰে ৰে’লগাড়ী চলে৷ এই দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমন ঘটে৷ অসমৰ হাফলঙৰ বৰাইল পাহাৰৰ সুৰংগৰ মাজেৰেও ৰে’লগাড়ীত উঠি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰি৷ জাৰ্মানসকলে গৌৰৱ কৰা বিখ্যাত ব্লেক ফৰেষ্টৰ দৰে অসমতো আছে বহুতো অৰণ্য, বৰ্ষাৰণ্য৷ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰা কেনিয়াৰ বিখ্যাত নেশ্যনেল পাৰ্কৰ দৰে অসমতো আছে কাজিৰঙা, মানাহ, ওৰাং, পবিতৰাৰ দৰে বিখ্যাত অভয়াৰণ্য৷ আন্তৰ্জাতিক পৰ্যটকক আকৰ্ষণ কৰা ইজিপ্তৰ বিখ্যাত নীল নদীৰ দুয়োপাৰৰ উন্নত কৃষি পদ্ধতি, কীৰ্তিচিহ্ন, চৰ অঞ্চলৰ দৰে অসমতো ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদীৰ পাৰত আছে এনে কৃষি ক্ষেত্ৰ৷ ঐতিহাসিক দেৱালয়, মন্দিৰসমূহৰ লগতে প্ৰায় প্ৰতিটো ধৰ্মৰ বিশেষ অনুষ্ঠানসমূহ অসমত আছে৷ বিশ্বৰ বৌদ্ধ পৰ্যটকসকলৰ বাবেও অসম তথা উত্তৰ-পূৰ্বাঞ্চল অন্যতম ক্ষেত্ৰ হ’ব পাৰে৷ ইজিপ্তৰ বিখ্যাত নাচাৰ হ্ৰদৰ দৰে মেঘালয় আৰু মণিপুৰতো আছে অতি সুন্দৰ বৃহৎ হ্ৰদ৷ ছুইজাৰলেণ্ডৰ দৰে অৰুণাচলৰ টাৱাঙতো বৰফ পৰা দৃশ্য অপৰূপ৷ ব্ৰহ্মপুত্ৰ নদীও পৰ্যটকৰ আকৰ্ষণৰ বিষয় হ’ব পাৰে৷ আহোম আৰু কোঁচৰ ৰাজত্বকালক ভালদৰে বিশ্ববাসীক জনাব পাৰিলেও অন্য সকলৰ লগতে ইতিহাসবিদ আৰু গৱেষকসকলক আকৰ্ষণ কৰিব পৰা যাব৷ অসমৰ চাহ উদ্যোগৰ লগতে বিশেষকৈ জনগোষ্ঠীয় সমাজ আৰু সংস্কৃতিক লৈ পৰ্যটকক এক নতুন দিশ দেখুৱাব পৰা যায়৷ দুঃসাহসিক ক্ৰীড়াই পৰ্যটকক আকৰ্ষণ কৰে৷ এনে পৰ্যটন ক্ষেত্ৰ অসমত অতি সহজভাৱে কৰিব পৰা যায়৷ খনিজ তেল আৰু চাহ উদ্যোগৰ পিছত অসমে ৰাজহ সংগ্ৰহ কৰিব পৰা আৰু সংস্থাপনৰ পথ মুকলি কৰিব পৰা অন্য এক ক্ষেত্ৰ হ’ল পৰ্যটন উদ্যোগ৷ অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগৰ অন্যতম দুৱাৰমুখ হ’ব পাৰে গুৱাহাটী মহানগৰ৷
গুৱাহাটীক পৰ্যটন মহানগৰ হিচাপে গঢ়ি তুলিব পৰা যায়৷ গুৱাহাটী মহানগৰত মন্দিৰ পৰ্যটন, পৰিৱেশ পৰ্যটন, শিশুৰ পৰ্যটন, ক্ৰীড়া পৰ্যটন, ইতিহাস পৰ্যটন, নদী পৰ্যটন, সাংস্কৃতিক পৰ্যটন আদি বহু কেইটা দিশেৰে পৰ্যটন উদ্যোগটো আগবঢ়াব পাৰি৷ ‘ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’ অসমৰ ৰাজধানী গুৱাহাটী মহানগৰী প্ৰাচীন মঠ-মন্দিৰেৰে সমৃদ্ধ৷ এসময়ৰ প্ৰাগজ্যোতিষপুৰ নামেৰে খ্যাত এই অঞ্চল জ্যোতিষ চৰ্চাৰ ঘাই ক্ষেত্ৰ আৰু তন্ত্ৰ, শক্তিবাদৰ পীঠস্থল৷ প্ৰাগজ্যোতিষপুৰত বিভিন্ন ৰজা-মহাৰজাৰ ৰাজত্বকালত সংস্কৃতিৰ বীজ ৰোপণ হোৱাৰ লগতে হিন্দু, বৌদ্ধ, শিখ, জৈন, মুছলমান, খ্ৰীষ্টান আটায়ে পৱিত্ৰ বৰঙণি আগবঢ়াই থৈ গৈছে৷ বহু তীৰ্থস্থান গঢ় উঠিছে গুৱাহাটীৰ বুকুত ৷ নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰই এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে৷ নদী পাহাৰেৰে পৰিৱেষ্টিত মহানগৰীলৈ অহা পৰ্যটকসকলে পাব প্ৰাকৃতি আৰু তীৰ্থভূমিৰ অনন্য সমাহাৰৰ সোৱাদ৷
তীৰ্থভূমি গুৱাহাটী৷ গুৱাহাটী মহানগৰৰ পশ্চিমে নীলাচল পাহাৰৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰেৰে ভৰপূৰ মনোৰম স্থানত অৱস্থিত কামাখ্যা মন্দিৰ দেশৰ তীৰ্থস্থানসমূহৰ ভিতৰত অন্যতম অগ্ৰণী আৰু গুৰুত্বপূৰ্ণ পীঠ৷ কালী, তাৰা, চিন্নমস্তা, বগলা, ভৈৰৱী, ধূমাৱতী, কামেশ্বৰ, সিদ্ধেশ্বৰ, কৌটিলিংগ, মাতংগী আৰু কমলাদেৱীৰ মন্দিৰেৰে পৰিৱেষ্টিত এই কামাখ্যা মন্দিৰ৷ শক্তিবাদ আৰু তান্ত্ৰিকবাদৰ মূল পীঠস্থান কামাখ্যা মন্দিৰ৷ নীলাচল পাহাৰৰ সৰ্বোচ্ছ শিখৰত অৱস্থিত ভুৱনেশ্বৰ মন্দিৰ৷ ব্ৰহ্মপৰ্বত নামেৰে জনাজাত এই পৰ্বতৰ অধিষ্ঠাত্ৰী দেৱী মহাগৌৰীয়েই ভুৱনেশ্বৰী ৰূপে খ্যাত৷ এই মন্দিৰৰ পৰা লুইতৰ মোহনীয় আৰু সৌম্য শোভাই পৰ্যটকসকলক আকৰ্ষণ কৰে৷ সন্ধ্যাচল পাহাৰত বশিষ্ঠ মুনিৰ নামেৰে বশিষ্ঠাশ্ৰম৷ ব্ৰহ্মাৰ মানসপুত্ৰ বশিষ্ঠ মুনি আছিল সূৰ্যবংশীয় ৰজাসকলৰ কুল পুৰোহিত৷ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ওঠৰ শতিকাৰ মাজভাগত নিৰ্মাণ কৰা হৈছিল বশিষ্ঠ মন্দিৰ৷ চিত্ৰাচল পাহাৰৰ নৱগ্ৰহ মন্দিৰ৷ কালিকা পুৰাণৰ বৰ্ণনা অনুসৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই ইয়াতে গ্ৰহ, নক্ষত্ৰ সৃষ্টি কৰিছিল৷ সেয়ে এই অঞ্চলৰ নাম প্ৰাগজ্যোতিষপুৰ৷ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰস্থল নৱগ্ৰহ মন্দিৰ৷ বৰ্তমানৰ মন্দিৰটো নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই৷ নৱগ্ৰহৰ পৰা দক্ষিণ দিশৰ সমতলত নৱগ্ৰহ মন্দিৰৰ লগত সংলগ্ন নচুকীয়া পুখুৰীটোৱেই হ’ল শিলপুখুৰী৷ ফুলেশ্বৰী কুঁৱৰীৰ নিৰ্দেশত স্বৰ্গদেউ শিৱসিংহই ১৭২০ খ্ৰীঃ উজান বজাৰত নিৰ্মাণ কৰিছিল উগ্ৰতাৰা মন্দিৰ৷ উগ্ৰতাৰা মন্দিৰ হৈছে নাভিৰূপী তাৰাৰ পীঠস্থান৷ প্ৰাচীন ভস্মাচল বা ডাকিনী পাহাৰত শুক্ৰেশ্বৰ মন্দিৰ৷ যোগিনী তন্ত্ৰৰ মতে দানৱসকলৰ গুৰু শুক্ৰাচাৰ্য্যই ইয়াত প্ৰকাণ্ড শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল৷ শুক্ৰেশ্বৰ মন্দিৰৰ পশ্চিমে জনাৰ্দন মন্দিৰ৷ গুৱাহাটীৰ জনাৰ্দন মন্দিৰ দেশৰ ভিতৰতে অতি গুৰুত্বপূৰ্ণ বিষ্ণু জনাৰ্দন মন্দিৰ৷ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত নিৰ্মাণ কৰা এই মন্দিৰৰ গাত গণেশ, বিষ্ণু, জনাৰ্দন, শিৱ-দুৰ্গা, সূৰ্যৰ মূৰ্তি খটোৱা আছে৷ শুক্ৰেশ্বৰ পাহাৰ দঞ্চী পৰ্বত বুলিও পৰিচিত আছিল৷ যোগিনীতন্ত্ৰৰ হস্তাচল হয়তো এই শুক্ৰেশ্বৰ পাহাৰ৷ গুৱাহাটী মহানগৰৰ কাছাৰীঘাটৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ মাজত এটা শিলাময় স্তুপ উমানন্দ৷ কালিকা পুৰাণ আৰু যোগিনী ভস্মাচল ভস্মকূট আৰু ভস্মশৈল নামেৰে পৰিচিত৷ মহাদেৱ শিৱই কামদেৱক এই স্থানতে ভস্ম কৰিছিল বাবেই এই স্থানৰ নাম ভস্মশৈল৷ এই দ্বীপটো ম’ৰা চৰাইৰ নিচিনা হোৱাৰ বাবেই ইংৰাজসকলে Peacock Island অৰ্থাৎ ময়ূৰ দ্বীপ বুলি নামকৰণ কৰিছিল৷ মন্দিৰটো নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ গদাধৰ সিংহই৷
গুৱাহাটীৰ মহানগৰৰ মন্দিৰ তথা ধৰ্মীয় পৰ্যটনৰ বাবে এনে বহু অতি গুৰুত্বপূৰ্ণ আকৰ্ষণীয় আৰু ঐতিহাসিক ক্ষেত্ৰ আছে৷ এই ক্ষেত্ৰসমূহক ভালদৰে পৰিচিত কৰি দিব পাৰিলে ৰাজ্যখনৰ বাহিৰৰ লগতে ৰাজ্যৰ ভিতৰৰ জনসাধাৰণে জনাৰ, দেখাৰ আগ্ৰহ প্ৰকাশ কৰিৰেহেঁতেন৷ গুৱাহাটী মহানগৰীত থকা উৰ্বশী কুণ্ড, ছত্ৰাকাৰ মন্দিৰ, পাণ্ডুনাথ দেৱালয়, উমাচল, চাৰ্চ ফিল্ডৰ গীৰ্জাঘৰ তথা ক্ৰাইষ্ট চাৰ্চ, শ্বেখ জালালউদ্দিন তব্ৰিজীৰ মাজাৰ, শ্বেখ জাহিৰ শ্বাহ আউলিয়া খোৱাজকানৰ মাজাৰ, শ্বেখ মখদুখম শ্বাহৰ মাজাৰ, হজৰত মইনুদ্দিন শ্বাহৰ মাজাৰ, শিখ-মন্দিৰ, কৌটি লিংগ আদি ধৰ্মীয় পৰ্যটনৰ বাবে অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ৷ তিৰুপতি বালাজী মন্দিৰ, গীতা মন্দিৰ, ইছকন মন্দিৰ, সৎসংগ বিহাৰ, শ্যাম মন্দিৰ আদিও পৰ্যটকৰ আকৰ্ষণস্থলী৷
গুৱাহাটী মহানগৰৰ লগত সংলগ্ন কৰি উত্তৰ গুৱাহাটীকো পৰ্যটন মেপত ল’ব পৰা যায়৷ উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ক্ষেত্ৰ দীৰ্ঘেশ্বৰী মন্দিৰ, অশ্বক্লান্ত, ৰুদ্ৰেশ্বৰ দেৱালয়, দৌলগোবিন্দ মন্দিৰ, মণিকৰ্ণেশ্বৰ মন্দিৰ৷ এই ক্ষেত্ৰসমূহৰ ঐতিহ্যসমূহ প্ৰকাশ কৰিলে সমগ্ৰ দেশৰ পৰ্যটকসকল আকৰ্ষিত হ’ব ৷ গুৱাহাটী মহানগৰক পৰ্যটন মহানগৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত হাজো আৰু বাইহাটা অঞ্চলক সংলগ্ন কৰি ল’ব লাগে৷ বিশেষকৈ ধৰ্মীয় পৰ্যটক তথা মন্দিৰ পৰ্যটকসকলৰ বাবে অতি আকৰ্ষণীয় বিষয় হ’ব এই অঞ্চলৰ সমলসমূহ৷ হজোৰ মণি পৰ্বত নামৰ এটি টিলাৰ ওপৰত হয়গ্ৰীৱ মাধৱ দেৱালয়৷ তিব্বত আৰু ভূটানৰ পৰা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই মূৰ্তি দান কৰেহি৷ হাজোৰ কেদাৰ পাহাৰৰ ওপৰত কেদাৰ মন্দিৰ৷ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰ নিৰ্মাণ কৰাইছিল৷ হাজোৰ পোৱামক্কা, কমলেশ্বৰ মন্দিৰ, শ্যামৰায়ৰ মন্দিৰ, জয়দুৰ্গা মন্দিৰ আদি বহুকেইটা পৰ্যটকক আকৰ্ষণ কৰিব পৰা ঐতিহাসিক ক্ষেত্ৰ আছে হাজোত৷
পৰ্যটনৰ অন্যান্য ক্ষেত্ৰৰ লগতে গুৱাহাটী মহানগৰত ‘এডভেন্সাৰ পৰ্যটনক’ গুৰুত্ব দিব পৰা যায়৷ এডভেন্সাৰকামী পৰ্যটকৰ বাবে সমগ্ৰ অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ বিশেষ আকৰ্ষণীয়৷ বোট ৰেচিং অৰ্থাৎ নৌকা দৌৰ অন্যতম আকৰ্ষণীয় ক্ৰীড়া৷ ব্ৰহ্মপুত্ৰ নদীত এনে ক্ৰীড়াৰ আকৰ্ষণ অধিক হ’ব৷ দীঘলী পুখুৰী, চানডুবি হ্ৰদ আৰু দীপৰ বিলত বোট ৰেচিঙৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰি ল’ব পৰা হয়৷ বৰশী বোৱা তথা এংপিং পৰ্যটকৰ বাবে বৰ আকৰ্ষণীয় বিষয়৷ জীয়া ভৰলীৰ বৰশী বোৱা প্ৰতিযোগিতা ইতিমধ্যেই অতি বিখ্যাত হৈ পৰিছে৷ মহানগৰীৰ কাষৰ ব্ৰহ্মপুত্ৰৰ কেইটামান স্থান চিনাক্ত কৰি বৰশী বোৱাৰ বাবে পৰ্যটকক আকৰ্ষণ কৰিব পৰা যায়৷ ৰিভাৰ ৰেফটিং, পৰ্বতাৰোহণ, পেৰা ছেইলিং, গলফ্ আদিৰ দ্বাৰাও দেশী-বিদেশী পৰ্যটকক গুৱাহাটী মহানগৰলৈ আকৰ্ষণ কৰিব পৰা যায়৷ গুৱাহাটী মহানগৰলৈ পৰ্যটকক আকৰ্ষণ কৰা অতি গুৰুত্বপূৰ্ণ মেলা কামাখ্যাৰ অম্বুবাচী মেলা৷ ব্ৰহ্মপুত্ৰ বীচ্ছ, ফেষ্টিভেলো স্থানীয় লোকৰ বাবে বৰ উৎসাহজনক৷ আমি ভাবো গুৱাহাটীক পৰ্যটন মহানগৰ হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত প্ৰতি তিনি বছৰৰ অন্তৰে অন্তৰে ‘ব্ৰহ্মপুত্ৰ ফেষ্টিভেল’অনুষ্ঠিত কৰিব পৰা যায়৷ ‘ব্ৰহ্মপুত্ৰ ফেষ্টিভেল’অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক পৰিৱেশন কৰাৰ লগতে প্ৰতিটো জনগোষ্ঠীৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰি বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰা যাব৷
আমাৰ প্ৰস্তাৱ হ’ল গুৱাহাটী মহানগৰক লৈ এখন পৰ্যটন আঁচনি প্ৰস্তুত কৰিব লাগে৷ মহানগৰখনলৈ অতি সহজে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ পৰ্যটন মহানগৰ কৰিব পৰা যায়৷ তাৰ বাবে সামাজিক শিক্ষাৰো প্ৰয়োজন হ’ব৷ গুৱাহাটীক লৈ সকলোৰে অহংকাৰ থাকে৷ আমাৰ গুৱাহাটীক বিশ্বৰ অন্যতম মহানগৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সময় হৈছে৷ প্ৰকৃতিয়ে সকলো দিছে৷ আমি কেৱল গতি দিব লাগে৷
ফোন নং : ৯৭০৭০২৪৬১২