আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা নিযুক্তিৰ দিশে এজন অসমীয়া

নিউজ ডেস্ক 

ব’হাগ বিহুৰ পূৰ্বে অসমবাসীৰ বাবে আহিব পাৰে এক সুখবৰ৷ কেলিফোৰ্ণিয়াৰ চেক্ৰামেণ্টোৰ ডঃ ৰূপম শৰ্মা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ উপদেষ্টা হিচাপে যোগদান কৰাৰ সম্ভাৱনাই দেখা দিছে। পূৰ্বতে এপ’লত কৰ্মৰত এগৰাকী বিজ্ঞানী হৈছে ডঃ ৰূপম শৰ্মা ৷ বৰ্তমান তেওঁ কেলিফোৰ্ণিয়া ৰাজ্যৰ চিআইঅ’ হিচাপে কৰ্মৰত। ডঃ ৰূপম শৰ্মাই ৫ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰামৰ্শদাতা হিচাপে যোগদান কৰিব বুলি সূত্ৰত প্ৰকাশ৷ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰামৰ্শদাতা হিচাপে মানৱ স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এগৰাকী অসমীয়া হিচাপে যিটো সঁচাকৈয়ে এক ডাঙৰ সাফল্য আৰু অসমবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত হ’ব। উল্লেখ্য, ডঃ ৰূপম শৰ্মা হৈছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ।

Leave a Reply