প্ৰতিবাদী বিদ্যুৎ কৰ্মচাৰীৰ ওচৰত উত্তৰ প্ৰদেশ চৰকাৰৰ নতি স্বীকাৰ

দীপক কুমাৰ সাহা 

বিদ্যুৎ খন্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে
২০২৩ চনৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ ঐতিহাসিক বিজয়ৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাসকলৰ ঐক্যবদ্ধ সংগ্ৰামে প্ৰমাণ কৰিলে-শ্ৰমিক শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ-ধৰ্মঘট’।
উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ বিদ্যুৎ কৰ্মচাৰীসকলৰ ওপৰত জাপি দিয়া কঠোৰ অত্যাৱশ্যকীয় সেৱা ৰক্ষণাবেক্ষণ আইন (ESMA ) আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ ভাবুকি নেওচি চৰকাৰৰ উৎপীড়ন, দমন , আক্ৰমণ প্ৰতিহত কৰি দৃঢ়প্ৰতিজ্ঞ ধৰ্মঘটকাৰী বিদ্যুৎ কৰ্মচাৰীসকলে একপ্ৰকাৰ বিজয় সাব্যস্ত কৰে।

উত্তৰ প্ৰদেশৰ বিদ্যুৎ কৰ্মচাৰী, বিষয়া,অভিযন্তা আৰু অস্থায়ী শ্ৰমিকক প্ৰতিনিধিত্ব কৰা সকলো সংগঠনৰ ঐক্যবদ্ধ মঞ্চ–ইউ পি বিদ্যুৎ কৰ্মচাৰীৰ সংযুক্ত সংঘৰ্ষ সমিতিৰ আহ্বানত যোৱা ১৬ মাৰ্চৰ ৰাতি ১০ বজাৰ পৰা তিনি দিনীয়া ধৰ্মঘট পালন কৰা হয়।ফলত গোটেই ৰাজ্যখনত বিজুলী যোগান ব্যাহত হয়।
বিদ্যুৎ কৰ্মচাৰীৰ তীব্ৰ হেঁচাত ৰাজ্য চৰকাৰ আৰু নিগম কৰ্তৃপক্ষই আলোচনাৰ কাৰণে ধৰ্মঘটকাৰী সকলক আমন্ত্ৰণ জনায়। দীৰ্ঘ আলোচনাৰ পিছত
শক্তিমন্ত্ৰী অৰবিন্দ কুমাৰ শৰ্মাই সংবাদ মেলত বিদ্যুৎ খন্ডৰ ব্যক্তিগত কৰণ নকৰে বুলি ঘোষণা কৰে আৰু সকলো আদেশ তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈ ইউ পি পাৱাৰ কৰ্পোৰেচনৰ অধ্যক্ষলৈ নিৰ্দেশ দিয়ে।কাৰ্যতঃ ধৰ্মঘটী বিদ্যুৎ কৰ্মচাৰীৰ ওচৰত অহংকাৰী উত্তৰ প্ৰদেশৰ চৰকাৰ আত্মসমৰ্পণ কৰে। শক্তি মন্ত্ৰীয়ে সংবাদ মেলৰ যোগেদি ৰাজহুৱাভাৱে ঘোষণা কৰে যে ইউ পি পাৱাৰ কৰ্পৰেচনৰ ব্যক্তিগতকৰণৰ সকলো প্ৰক্ৰিয়া বন্ধ কৰিব আৰু ইতিমধ্যে কৰ্তৃপক্ষই অস্থায়ী কৰ্মচাৰীৰ বৰ্খাস্ত কৰাৰ আদেশ প্ৰত্যাহাৰ কৰিব লগতে নেতৃত্বৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দিয়া গোচৰ সমুহ উঠাই ল’ব। উল্লেখনীয় যে কৰ্তৃপক্ষই ১০৩২ গৰাকী অস্থায়ী শ্ৰমিকক বৰ্খাস্ত কৰিছিল আৰু ২৬ গৰাকী নেতাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।

উত্তৰ প্ৰদেশৰ বিদ্যুৎ কৰ্মচাৰী, বিষয়া, অভিযন্তা আৰু অস্থায়ী শ্ৰমিকক প্ৰতিনিধিত্ব কৰা সকলো সংগঠনৰ ঐক্যবদ্ধ মঞ্চ–ইউ পি বিদ্যুৎ কৰ্মচাৰীৰ সংযুক্ত সংঘৰ্ষ সমিতিৰ আহ্বানত বিদ্যুৎ খন্ডৰ প্ৰায় ১ লাখ বিদ্যুৎ শ্ৰমিক-কৰ্মচাৰী ১৬ মাৰ্চৰ পৰা তিনি দিনীয়া ধৰ্মঘটত অংশ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা, অস্থায়ী শ্ৰমিকসকল যোৱা নৱেম্বৰ, ২০২২ৰ পৰাই বিদ্যুৎ খন্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে সংগ্ৰামৰ পথত আছিল আৰু ২০২২ চনৰ ৩ ডিচেম্বৰত বিদ্যুৎ কৰ্মচাৰী সংযুক্ত সংঘৰ্ষ সমিতি ৰাজ্য চৰকাৰ আৰু ইউ পি পাৱাৰ কৰ্পৰেচন মাজত শক্তিমন্ত্ৰী অৰবিন্দ কুমাৰ শৰ্মাৰ উপস্থিতিত লিখিত চুক্তি স্বাক্ষৰিত হৈছিল। আৰু বিদ্যুৎ খন্ডৰ ব্যক্তিগতকৰণ নকৰে বুলি আশ্বাস দিয়াৰ লগতে ১৫ দিনৰ ভিতৰতে কৰ্মচাৰীৰ সকলো নায্য দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়াত ধৰ্মঘট স্থগিত ৰাখিছিল । কিন্তু তিনি মাহ উকলি যোৱাৰ পিছতো একো কৰা নাছিল।বৰঞ্চ ৰাজ্য চৰকাৰ আৰু বিদ্যুৎ নিগম কৰ্তৃপক্ষই পাৰস্পৰিকভাৱে সহমতত উপনীত হোৱা আৰু স্বাক্ষৰিত চুক্তিখন অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰে । আনপাৰা আৰু অব্ৰাৰ দুটাকৈ নতুন ৮০০ মেগাৱাট প্ৰকল্প আৰু উত্তৰ প্ৰদেশ পাৱাৰ কৰ্পোৰেচনৰ চৰকাৰী মালিকানাধীন সংবহন কোম্পানীৰ সম্পত্তি বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে আৰু বিতৰণ কোম্পানী ব্যক্তিগতকৰণৰ চক্ৰান্ত কৰে। ইউ পি পাৱাৰ নিগম কৰ্তৃপক্ষই পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি উলংঘা কৰাত বিদ্যুৎ কৰ্মচাৰীসকলে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সংযুক্ত সমিতিয়ে ধাৰাবাহিক বিক্ষোভ, সমাবেশ, আৰু কৰ্মবিৰতি আদি গণতান্ত্ৰিক আন্দোলন কৰাৰ ওপৰিও কৰ্তৃপক্ষৰ লগত কেইবালানি আলোচনা ব্যৰ্থ হোৱাত সৰ্বশেষত ১৬ মাৰ্চৰ নিশা ১০ বজাৰ পৰা তিনি দিনীয়া ধৰ্মঘট আহ্বান দিয়ে।প্ৰায় ১ লাখ বিদ্যুৎ কৰ্মচাৰী ধৰ্মঘটত স্বত:স্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ ৰাজ্য বিদ্যুৎ ধৰ্মঘটৰ কবলত পৰিছিল। ৰাজধানী লক্ষ্ণৌকে ধৰি ৰাজ্যৰ বহুতো চহৰত ধৰ্মঘট পালন কৰাৰ ওপৰিও প্ৰতিবাদ কাৰ্যসূচী সমাবেশ, বিক্ষোভ সংঘটিত কৰে । মুৰাদাবাদ, বাণাৰসী,প্ৰয়াগৰাজ, ৰায়বেৰেলী আদি ঠাইত ধৰ্মঘটৰ কাৰণে কেইবাঘণ্টা ধৰি বিজুলী যোগান বিছিন্ন হৈ স্বাভাবিক জীৱন যাত্ৰা অচল হৈ পৰে। অব্ৰাৰা, আনপাৰা, পাৰিছাৰ দৰে কেইবাটাও তাপ বিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদন ভয়ংকৰভাৱে হ্ৰাস পোৱাত বিজুলী যোগানৰ ব্যাহত হয় গোটেই ৰাজ্যত।

বিদ্যুৎ কৰ্মচাৰীৰ সংযুক্ত মঞ্চই মূলত: বিদ্যুৎ খণ্ডৰ বহুত বছৰ ধৰি চাকৰিত নিয়োজিত ঠিকাভিত্তিক অস্থায়ী শ্ৰমিকসকলক চাকৰি নিয়মীয়াকৰণ, পুৰণি পেঞ্চন আঁচনি (অ’পিএছ) পুনৰ প্ৰৱৰ্তন আৰু বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২২ বাতিল কৰাৰ মূল দাবী সমূহো বাৰম্বাৰ উত্থাপন কৰি আহিছে ।

বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত সমগ্ৰ দেশৰ ২৭ লাখৰো অধিক বিদ্যুৎ কৰ্মচাৰী উত্তৰ প্ৰদেশৰ বিদ্যুৎ কৰ্মচাৰী সকলৰ ধৰ্মঘট প্ৰতি সংহতি আৰু সমৰ্থনত ৰাজপথলৈ ওলাই আহিছিল। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ বহুতো ৰাজনৈতিক দল, শ্ৰমিক-কৃষক সংগঠন, সংযুক্ত সমিতিৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। বিদ্যুৎ কৰ্মচাৰীৰ বলিষ্ঠ সংগ্ৰামৰ ওচৰত আৰু জনগণৰ তীব্ৰ হেঁচাত ৭২ ঘন্টীয়া ধৰ্মঘটৰ ৬৫ ঘণ্টা পাৰ নৌহ‌ওঁতেই ১৯ মাৰ্চ দেওবাৰে আবেলি বিদ্যুৎ কৰ্মচাৰীৰ ঐক্যবদ্ধ তীব্ৰ সংগ্ৰামৰ ওচৰত চৰকাৰে নতি স্বীকাৰ কৰে।
২০২২ চনৰ ৩ ডিচেম্বৰত হোৱা চুক্তিখন সম্পূৰ্ণ কাৰ্যকৰী কৰিব বুলি শক্তি মন্ত্ৰীয়ে পুনৰ অঙ্গীকাৰ কৰিবলৈ বাধ্য হয়।

২০২৩ চনৰ জানুৱাৰীতে মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি তাৰ পিছত কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ বিদ্যুৎ শ্ৰমিকৰ ধাৰাবাহিক বিজয়ে ইতিহাস সৃষ্টি কৰিছে ।বিদ্যুৎ কৰ্মচাৰীৰ এই সংগ্ৰামী বিজয়ে অহা দিনবোৰত বিদ্যুৎ খন্ডৰ ব্যক্তিগতকৰণবিৰোধী আন্দোলনৰ লগতে জনস্বাৰ্থবিৰোধী তথা সংবিধান পৰিপন্থী বিদ্যুৎ সংশোধনী বিধেয়ক-২০২২ প্ৰত্যাহাৰৰ দাবীত জাতীয় স্তৰত ঐক্যবদ্ধ যৌথ সংগ্ৰাম গঢ়িব লৈ উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব।

Leave a Reply