নৱজ্যোতি কলিতা
অৰুণাচল। মেঘৰ চাদৰে ঢকা অৰুণাচল। প্ৰশান্তিৰ অৰুণাচলখনলৈ অলপতে মোৰ যোৱাৰ সুযোগ ওলাল। আগতে বহুকেইবাৰ অৰুণাচললৈ গৈছোঁ যদিও প্ৰতিবাৰেই এক নতুন অনুভূতি, নতুন তৃপ্তি, নতুন প্ৰশান্তি পাই আহিছোঁ।
এইবাৰ “বৌদ্ধ মঠ” সম্পৰ্কীয় এক অধ্যয়নৰ অংশহৈ যোৱাৰ সুযোগ পাইছিলো।
গুৱাহাটীৰ পৰা তেজপুৰ-ভালুকপুং পথেৰে গৈ প্ৰথম নিশাটো আমি ব’মডিলাত কটাই পিছদিনা ৰাতিপুৱাই আমাৰ লক্ষ্যস্থান ৰূপা-চিলিপাম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলোঁ।
একা-বেঁকা পাহাৰীয়া পথেৰে আমাৰ গাড়ী আগবাঢ়িছিল। গাড়ীৰ খিৰিকীৰে চাই গৈছিলোঁ প্ৰকৃতিয়ে কিমান ঢালি-বাকি দিছে এই ৰাজ্যখনক। খিৰিকীৰ আইনাখন এবাৰ নমাই দিয়াতহে গম পাইছিলোঁ বাহিৰখন কিমান হিম শীতল হৈ আছে।ইমানপৰে আমিযে এটা হটকেচ সদৃশ বাকচৰ ভিতৰত সোমাই আছিলোঁ তাৰ উপলব্ধিও বাৰুকৈয়ে হৈছিল।
আমাৰ গন্তব্যস্থান জাংডকপাৰি মনেষ্ট্ৰি পাওঁতে দুপৰীয়া প্ৰায় এক বাজিছিল। মনেষ্ট্ৰি কৰ্তৃপক্ষই প্ৰথমেই আমাক গৰম চাহ আৰু বিস্কুটেৰে আদৰণি জনালে। তাৰ পিছতেই কেইবাজনো বৌদ্ধ ভিক্ষুয়ে ভাগে ভাগে তাৎপৰ্য বাখ্যাৰ মাজেৰে সমগ্ৰ মঠটো আমাক দৰ্শনৰ ব্যৱস্থা কৰিলে।
এটা সময়ত মেথোনৰ মাংস (খোৱাসকলে খালে ),মছুৰ ডাইলৰ ওপৰি দৈ-গাখীৰ আৰু বিনেৰে বনোৱা এক বিশেষ ব্যঞ্জনেৰে আমাক আপ্যায়িত কৰিলে। সু-উচ্চ পাহাৰৰ টিলাৰ অতি মনোৰম পৰিবেশৰ মাজত দুপৰীয়াৰ এই অআহাৰ আমাৰ দলটোৰ সকলোৱে বৰ তৃপ্তিৰে খালে।
সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ যিমান নিৰ্ভেজাল, স্বচ্ছ, তাৰ মানুহবোৰো যেন একেই শান্ত-সমাহিত (বিশেষকৈ সেই মঠ কেন্দ্ৰিক মানুহবোৰ) তেনে এক ধাৰণা লৈয়ে আমি আমাৰ কাম সামৰি লাহে লাহে নামনিৰ ফালে নামি আহিব ধৰিলোঁ। ইতিমধ্যে বেলিৱেও লহিয়াবলৈ লৈছিল।
আমাৰ কামৰ দ্বিতীয়টো লক্ষ্য আছিল ভালুকপুঙৰ সমীপৰ অসমৰ সীমাৰ ভিতৰত থকা আন এটা বৌদ্ধমঠ। পাহাৰৰ অজস্ৰ একা-বেঁকা অতিক্রমি কেইবাঘন্টীয়া যাত্ৰাৰ অন্তত
চাৰিওফালে সু-উচ্চ দেৱালেৰে আগুৰি থকা অসমৰ সেই বিশেষ মঠটোৰ গে’টত আমাৰ গাড়ী আহি ৰ’ল। ঘড়ী চাই দেখিলোঁ তেতিয়া আবেলি ৬মান বাজিছে। মূল দুৱাৰখনত তলা লাগি থকাত ওচৰৰ সৰু দুৱাৰ খনেৰে আমি ভিতৰলৈ সোমাই গলো। শাৰী শাৰীকৈ থকা কেইবাটাও ঘৰৰ কোনোবা এটাৰ পৰা এগৰাকী নান ওলাই আহিল। আমি তেখেতসকলৰ গুৰুজনাক লগ কৰিবলৈ আহিছোঁ বুলি ক’লো। নানগৰাকীয়ে আমাক গুৰুজনা সেইমুহূৰ্তত সেইটো চৌহদত নাই বুলি জনোৱাৰ লগতে সেই সময়ত তেখেতক লগ পোৱাটো কোনোপধ্যেই সম্ভৱ নহ’ব বুলি পোনচাটেই জনাই দিলে।
আমাৰ এই যাত্ৰাৰ সকলো পূৰ্বপৰিকল্পিত আৰু পূৰ্বনিৰ্ধাৰিত আছিল। তদুপৰি অৰুণাচলৰ মূল মঠটোৰ পৰাও আমি যে ইয়ালৈ আহিম সেয়াও তেওঁলোকে আমাৰ সন্মুখতে ফোনেৰে নিশ্চিত কৰি দিছিল। ইমানৰ পিছতো …
মনটো কিবা খেলি মেলি লাগি গ’ল। নানগৰাকীক আকৌ কলোঁ আমাৰ উদ্দেশ্যৰ কথা।লগতে আমি যে অৰুণাচলৰ সেই বিশেষ মঠটোৰ পৰা আহিছোঁ সেয়াও জনালোঁ। আমাক অলপ বাহিৰতে ৰ’বলৈ দি তেওঁ পুনৰ ভিতৰলৈ সোমাই গ’ল। অলপ পিছত আন এগৰাকী জ্যেষ্ঠ নানক লগত লৈ তেওঁ পুনৰ আমাৰ ওচৰলৈ আহিল আৰু আমাৰ ওচৰত কেইবাবাৰো ক্ষমা বিচাৰি আমাক আথে-বেথে ভিতৰলৈ লৈ গ’ল।
চাহ আৰু নাম নজনা বিস্কুট/নিমকি সদৃশ কিবা-কিবি বস্তুৰে আমাক প্ৰথমতে আপ্যায়িত কৰিলে।
অলপ পিছত গুৰুজনা আহি তেওঁৰ আসনত বহিল। আমাৰ কথা-বাৰ্তাও পূৰ্ণ গতিত চলিল। প্ৰসংগতে আমাক ধৰিব নোৱাৰি যে নান গৰাকীয়ে গুৰুজনা নাই বুলি কৈছিল সেয়াও নান গৰাকীৰ মুখেৰেই ওলাল। তেওঁ যথেষ্ট অনুশোচনাৰ সুৰতেই জনালে যে অসমৰ বহু চৰকাৰী মানুহ/বেংকৰ মানুহ বহু কিবা কিবি আঁচনি লৈ মঠটোলৈ আহি থাকে আৰু গুৰুজনাক বিচাৰে। নানগৰাকীৰ মতে এইসকল লোকে বিভিন্ন কথা বতৰা পাতি সময় নষ্ট কৰাৰ লগতে গুৰুজনাক আমনিহে কৰে। ফল কিন্তু একো নহয়গৈ। সেয়ে তেওঁ তেনেকৈ কবলৈ বাধ্য হোৱা বুলিও আমক অৱগত কৰিলে।
১৯৬৮ চনতে স্থাপন হোৱা উক্ত মঠটোত চৰকাৰৰ অৰিহণা আজিলৈ প্ৰায় শূণ্য বুলিও তেওঁলোকে প্ৰসংগতে কলে। আজিলৈ অসমৰ কোনো এগৰাকী মন্ত্ৰী-বিধায়কেই হেনো গৰকি পোৱা নাই এই মঠৰ চৌহদ। অৱশ্যে ইয়াক লৈ কোনো আক্ষেপো নাই তেওঁলোকৰ।
বৰ্তমান মঠ পৰিচালনাৰ দায়িত্বত থকা গুৰুজনাৰ পিতৃয়ে এই মঠ স্থাপন কৰাৰ পিছত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই কেইবাবাৰো তেওঁৰ পিতৃক গান শুনোৱাৰ কথা পিতৃয়ে তেওঁক হেনো প্ৰায়ে কৈছিল বুলিও তেওঁ প্ৰসংগতে ৰোমন্থন কৰিলে।
কথা পাতোঁতে পাতোঁতে নিশা নামি আহিছিল। এইবাৰ আহিল আকৌ নিশাৰ ভাত খোৱাৰ পৰ্ব। বিভিন্ন চিনাকি-অচিনাকি ব্যঞ্জনেৰে নিশাৰ ভাত খাই থাকোঁতেই বহুকেইটা মেকুৰীয়ে আমাৰ ওচৰতে ঘুৰা পকা কৰি থকা দেখিলোঁ। মেকুৰীবোৰক আমাৰ পৰা অলপ আঁতৰাই ৰাখিবলৈ নিৰ্দেশ দি গুৰুজনাই আমাক কলে যে এই সমূহ ওচৰৰ মানুহবোৰে দেৱালৰ ওপৰেৰে পাৰ কৰাই দিয়া মেকুৰীহে। চুবুৰীয়া কাৰোবাৰ ঘৰত সৰহকৈ কুকুৰ,মেকুৰী জন্ম হ’লে বা কোনো কুকুৰ-মেকুৰী অসুস্থ হলেও দেৱালৰ ওপৰেৰে মঠৰ চৌহদত পেলাই দিয়াটো স্থানীয় লোকৰ এক অঘোষিত নিয়ম বুলিও গুৰুজনাই কৈ ঈষৎ হাঁহি এটা মাৰিলে।
অৰুণাচলৰ মঠটোৰ আঁৰ-বেৰহীন মুকলি পৰিবেশ আৰু অসমৰ ভূমিত সু-উচ্চ দেৱালৰ ভিতৰত ৰাখিবলগীয়া হোৱা মঠটোৰ আধ্যাত্মিক পৰিবেশৰ সকলো সাদৃশ্যৰ পিছতো আমাৰ দুখন সমাজৰ বৈসাদৃশ্য সমূহো ভালকৈয়ে চকুৰ আগত ভাঁহি উঠিল।