♦ ১৯৬৯ চনৰ অক্টোবৰ মাহৰ কথা । বমডিলা । সেইদিনা আবেলি অসমীয়া ২য় পেপাৰৰ ক্লাছটো আমাৰ কচ-মচৰ ফুলনিত ৰ’দত লবলৈ ছাৰক অনুৰোধ কৰিলো । ছাত্ৰ-ছাত্ৰী ঘাঁহনিত বহিলেও শিক্ষকৰ কাৰণে সাধাৰণতে চকী অনা হয় । সেইদিনা কিন্ত আমাৰ বিষয় শিক্ষক বুঢ়াগোহাঞি ছাৰেও বননিতে বহিব বুলি চকী আনিবলৈ মানা কৰিলে । ওখ কচ-মচ ফুলৰ তলৰ দুবৰিৰ কোমল দলিচাত বহিয়ে ছাৰৰ হেনো শান্তি-নিকেতনলৈ মনত পৰিল । আমি কোনেও শান্তি-নিকেতনৰ বিষয়ে নাজানো বুলি কোৱাত কবিগুৰুৰ ‘প্ৰকৃতিৰ বুকুত শিক্ষা’ আদৰ্শৰ বিষয়ে চমু অথচ অতি শুৱলাকৈ আমাক কিছু আভাষ দিলে । ইয়াৰ পিছতে ছাৰে কোনোবা ক্লাছৰ ইংৰাজী কিতাপৰ এটা চুটি পাৰাগ্ৰাফ আমাক অসমীয়ালৈ অনুবাদ কৰিবলৈ দিলে । আমাৰ উত্তৰ বোৰ চাই ছাৰে মোৰ বহীত Fair আৰু আমাৰ অৰুণাচলী চেৰদুকপেন সহপাঠীজনৰ বহীত Good মন্তব্য লিখিলে । অসমীয়া হোৱাৰ উপৰিও মই আছিলো ক্লাছৰ ফাৰ্ষ্টবয় । ছাৰৰ মন্তব্য দেখি স্বাভাৱিকতে মই অলপ হতাশ হলো । মৰমীয়াল ছাৰে মোৰ হতাশা ধৰিব পাৰি লগে লগে ক’লে … ” তই তাৰ বহীখন এবাৰ পঢ়ি চাছোন । ” মই লগে লগে সহপাঠীৰ উত্তৰখিনি পঢ়িলো আৰু নিমিষতে মোৰ ‘ফাৰ্ষ্টবয়’ৰ ভেম আৰু ছাৰৰ প্ৰতি অভিমান নোহোৱা হল । অনুবাদত মোৰ ভুল হোৱা নাছিল, কিন্তু সহপাঠীৰ অনুবাদ মোতকৈ অনেক শুৱলা হৈছিল । আপোনালোকে ভাবিছে চাগৈ, মইনো কিহৰ ইমান বকলা মেলিছো ! কথাটো হ’ল মোৰ স্কুলৰ সেই সহপাঠীজন আন কোনো নহয়, তেওঁ হৈছে আজি অসম সাহিত্যসভাৰ সভাপতি পদ প্ৰত্যাশী, প্ৰথিতযশা অসমীয়া সাহিত্যিক, অৰুণাচলী সন্তান… য়েচে দৰ্জী থংচী ।
সেইযে এজন অভিজ্ঞ শিক্ষকে এটি মন্তব্যৰে তেওঁক আত্মবিশ্বাস দিলে, ছাত্ৰজন গভীৰ ভাৱে অনুপ্ৰাণিত হ’ল । নৱম বা অষ্টম মানত তেওঁ প্ৰথম আমাৰ স্কুলৰ ৱাল মেগাজিনত এটি লেখা দিছিলে… আজি নামটো মনত নাই । কিন্তু তাৰ পিছৰে পৰা ছাৰসকলে তেওঁক লেখাত উদগণি দিয়ে আৰু বাট দেখুৱায় । জুহুৰিয়ে মাণিক চিনাত ভুল নকৰে । হায়াৰ চেকণ্ডাৰি শেষ কৰি আমি ডাক্তৰী পঢ়িবলৈ যোৱাৰ সময়ত আমাৰ শ্ৰদ্ধাৰ শিক্ষক প্ৰয়াত সদানন্দ বুঢ়াগোহাঞি, শ্ৰীযুত অনিল দাস প্ৰমুখ্যে শিক্ষক সকলে তেওঁক কটন কলেজত অসমীয়াত অনাৰ্চ লৈ পঢ়াৰ ব্যৱস্থা কৰি দিয়ে । নিষ্ঠাৱান ছাত্ৰজনে তেতিয়াৰ পৰা আৰু ঘুৰি চাব লগা নহ’ল ।কটনৰ শৈক্ষিক পৰিবেশ আৰু গুৱাহাটীৰ বৌদ্ধিক মহলৰ সংসৰ্গত গঢ় লৈ উঠিল ” মৌন ওঁঠ, মুখৰ হৃদয়” ৰ স্ৰষ্টাজন ।
আজি এইজন সাহিত্যিক অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হোৱাত আমি তেওঁক সহপাঠী বুলি সমৰ্থন কৰা নাই । সেই যোগ্যতাও আমাৰ নাই; কাৰণ আমি সাহিত্য সভাৰ সদস্যই নহও । কিন্তু এজন মাতৃভাষাপ্ৰেমী হিচাপে, সাহিত্য অনুৰাগী হিচাপে আমি অনুভৱ কৰো যে এই যোগ্য প্ৰাৰ্থীজনক অসম সাহিত্যসভাৰ গুৰিয়াল হিচাপে অসমীয়া ৰাইজে নিৰ্বাচিত কৰা উচিত । তেওঁৰ জন্ম ক’ত ডাঙৰ কথা নহয় (শদিয়ানো ক’ত ৰিং এটাৰ বাট !)। অসম অৰুণাচল আজি দুখন বেলেগ ৰাজ্য হলেও ইয়াৰ বাসিন্দা সকলৰ সামাজিক-সাংস্কৃতিক বান্ধোন কৌটিকলীয়া। ‘বৰ অসম’ ধাৰণাটোৰো ভেটি এয়ে । এই প্ৰেক্ষাপটত জন্মসুত্ৰে অৰুণাচলী হলেও অসমীয়া ভাষাৰ এই আজন্ম পূজাৰীজনক অসম সাহিত্য সভাৰ সভাপতিৰূপে সন্মানিত কৰিলে আমি ভাবো ‘বৰ অসম’ তথা ‘সাত- ভনী’ ৰ সমন্বয়ৰ ভেটি অধিক দৃঢ় হব ।
°°°°°
ডাঃ ৰমেন হাজৰিকা ।
গুৱাহাটী, ৭/৮/২২ ।