গেছ ক্ৰেকাৰ উদ্যোগৰ পৰা অসমে কি পালে, কি পাব লাগিছিল হিচাপ কৰাৰ সময় হ’ল

অসমৰ শিল্পায়নৰ ক্ষেত্ৰখনৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী৷ এই দিনটোতে ডিব্ৰুগড়ৰ লেপেটকাটাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিলে অসম চুক্তিৰ প্ৰস্তাৱিত গেছ ক্ৰেকাৰ উদ্যোগ৷

অদীপ কুমাৰ ফুকন

অসমত প্ৰাপ্ত তেল সম্পদৰ উৎপাদনৰাশিৰ অৱলম্বনত কেনেধৰণৰ সৰু-বৰ অসংখ্য উদ্যোগৰ দ্বাৰা ৰাজ্যৰ ঔদ্যোগিক মানচিত্ৰখনৰ পৰিৱৰ্তন কৰিব পাৰি, সেই সম্পৰ্কে সঠিক চিন্তা-চৰ্চাৰ প্ৰয়োজন আছিল৷ অসমতকৈ বহু পিছত ষাঠিৰ দশকত গুজৰাটত তেল উদ্ঘাটন হোৱাৰ পিছত তাৰ সচেতন চৰকাৰ আৰু উদ্যোগ মহলে তেল-আধাৰিত পেট্ৰ’-কেমিকেলছ উদ্যোগ স্থাপনত সঠিক আৰু সৰ্বাধিক গুৰুত্ব আৰোপ কৰিলে৷ ফলত গুজৰাটে যোৱা পাঁচটা দশকৰ ভিতৰত পেট্ৰ’-কেমিকেলছ উদ্যোগৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত থিয় হ’ল৷ হাজাৰ হাজাৰ ভটিয়নী উদ্যোগে ৰাজ্যখনৰ ঔদ্যোগিক দৃশ্যপট পৰিৱৰ্তন কৰিছে৷ সৃষ্টি কৰিছে অসংখ্যজনৰ বাবে প্ৰত্যক্ষ নিয়োগ ক্ষেত্ৰ৷ এশ বছৰৰো আগেয়ে তেল আৱিষ্কৃত আৰু সম্প্ৰতি চাৰিটা তেল শোধনাগাৰ আৰু এটা গেছ ক্ৰেকাৰ উদ্যোগ থকা অসমত তেল উদ্যোগে কিছুসংখ্যক চাকৰি, ঠিকা-ঠুকলি কৰি দিয়াতে আমি সন্তুষ্ট থাকিবলগীয়া হ’লোঁ৷ প্ৰাপ্ত খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু বিভিন্ন পেট্ৰ’-কেমিকেলছৰ সহায়ত যে বিভিন্ন উদ্যোগ স্থাপনৰ সম্ভাৱনা আছে, তেনে এটা চিন্তা বা কাৰ্যকৰী পদক্ষেপ অসম চৰকাৰসমূহৰ পৰা পৰিকল্পনা নহ’ল৷ আন কথা বাদেই, তেল উদ্যোগক কেন্দ্ৰ কৰি যিবোৰ ঠিকা-ঠুকলি যোগান আদি চলি আছে, তাৰো সিংহভাগ দখল কৰি আছে বহিৰাগত ব্যৱসায়ী আৰু বৃহৎ ঠিকাদাৰ গোষ্ঠীয়ে৷ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো অসমৰ তৈল উদ্যোগত চলি আছে অন্য এক ছদ্মবেশী শোষণ৷

Assam Gas Cracker Project: Brahmaputra Cracker and Polymer Ltd crosses 1 lakh metric ton of production | Guwahati News - Times of India

তেল সম্পদক কেন্দ্ৰ কৰি অসমত উদ্যোগ স্থাপনৰ বিপুল সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ মুকলি হৈছিল ১৯৭৮ চনত আৰু ২০১৬ চনত৷ ১৯৭৮ চনত বঙাইগাঁৱত স্থাপন কৰা হৈছিল ৰাজ্যখনৰ তৃতীয়টো তেল শোধনাগাৰ৷ আৰম্ভণিতে ১.৩৫ নিযুত টন শোধন ক্ষমতাৰে নিৰ্মিত এই শোধনাগাৰটোত সংযোজিত হৈছিল বহু প্ৰত্যাশিত পেট্ৰ’-কেমিকেলছ গোট এটা আৰু তাত উৎপাদিত উৎপাদিত উৎপাদনৰাশিয়ে অসমৰ ভৱিষ্যৎ ঔদ্যোগীকৰণৰ এখন বিশাল ক্ষেত্ৰ মুকলি কৰিব বুলি স্বাভাৱিক কাৰণতে আশা কৰা হৈছিল৷ শোধনাগাৰ এটাই কেৱল পেট্ৰ’ল, ডিজেল, এলি জি, এভিয়েচন টাৰ্বাইন ফুৱেল আদিৰ দৰে কিছুমান মধ্যমীয়া পাৰিৱেশিক উৎপাদন কৰাটোৱেই যথেষ্ট নহয়, গুৰুত্বপূৰ্ণ হ’ল পেট্ৰ’-কেমিকেলছ সামগ্ৰী উৎপাদন কৰাটো৷ বঙাইগাঁও ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেলছ লিমিটেড তথা বিআৰপিএলৰ উৎপানৰাশিৰ অৱলম্বনত গঢ়ি উঠিব পৰা ভটিয়নী উদ্যোগবোৰ হ’ল– পেইণ্ট তৈয়াৰৰ বাবে দ্ৰাৱক, কীটনাশক দ্ৰব্য, ৰঞ্জকৰ উৎপাদন, পলিয়েষ্টাৰ ফিল্ম, ষ্টেবল ফাইবাৰ, পলিয়েষ্টাৰ ফিলামেণ্ট, য়াৰ্ণ ইত্যাদি৷ পলিয়েষ্টাৰ, ষ্টেবল ফাইবাৰৰ নিচিনা সামগ্ৰীক অৱলম্বন হিচাপে লৈ অসমত বস্ত্ৰ উদ্যোগৰ বিশাল সম্ভাৱনাই দেখা দিছিল৷ কিন্তু দুটামান উদ্যোগৰ বাহিৰে পেট্ৰ’-ৰাসায়নিক আন উদ্যোগৰ বিকাশ নঘটিল৷ অসমৰ এই লাভজনক উদ্যোগটোৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পূৰ্বৰে পৰা অসহযোগী মনোভাব প্ৰকট কৰি আহিছে৷

Brahmaputra Cracker and Polymer Limited(BCPL),Profile, Latest News, Press Release, MOU, CSRঅসমৰ শিল্পায়নৰ ক্ষেত্ৰখনৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী৷ এই দিনটোতে ডিব্ৰুগড়ৰ লেপেটকাটাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিলে অসম চুক্তিৰ প্ৰস্তাৱিত গেছ ক্ৰেকাৰ উদ্যোগ৷ Brahmaputra Cracker and Polymer Limited (BCPL) এক ৰাজহুৱা খণ্ডৰ উদ্যোগ৷ এক দীঘলীয়া দাবী, সংগ্ৰামৰ পিছত অসমত প্ৰতিষ্ঠা হ’ল বিচিপিএল নামেৰে গেছ ক্ৰেকাৰ উদ্যোগ৷ ১৯৯৫ চনৰ ২৪ নৱেম্বৰত প্ৰথমে ডিব্ৰুগড়ৰ টেঙাখাতত তদানীন্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাৱে ‘অসম গেছ ক্ৰেকাৰ প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিছিল৷ খাৰুৱা তেল উদ্ঘাটন কৰি গেছবিলাক জ্বলাই নষ্ট কৰাৰ সলনি ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ দাবীৰ পৰিপ্ৰেক্ষিতত অসমত গেছ ক্ৰেকাৰ উদ্যোগে গুৰুত্ব লাভ কৰিছিল৷ দেশৰ প্ৰতিজন ৰাষ্ট্ৰপতি আৰু প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে অসমৰ শিল্পায়নৰ স্বাৰ্থত গেছ ক্ৰেকাৰ উদ্যোগক গুৰুত্ব দি আহিছিল যদিও এচাম দিল্লীৰ আমোলাৰ ষড়যন্ত্ৰমূলক আচৰণৰ বাবে ৩০ বছৰৰ পিছত টেঙাখাতৰ পৰিৱৰ্তে লেপেটকাতাত গেছ ক্ৰেকাৰ উদ্যোগৰ উন্মোচন কৰা হ’ল৷

BCPL posts Rs 800cr loss - Telegraph India

শিল্পায়নৰ ক্ষেত্ৰখনৰ দ্বাৰা জাতীয় পুঁজি গঠনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিষয়টো হ’ল গেছ ক্ৰেকাৰ প্ৰকল্প৷ বিশ্বৰ বাণিজ্যিক বজাৰখন দখল দিবলৈ হ’লে এনে উদ্যোগৰ সম্প্ৰসাৰণ অতিশয় প্ৰয়োজন৷ গেছ ক্ৰেকাৰ প্ৰকল্প স্থাপনৰ দাবী উত্থাপন কৰি অসমৰ সচেতন সমাজখনে আশা কৰিছিল গেছ ক্ৰেকাৰৰ পৰা উৎপাদন হ’বলগা হায়াৰ ডেনছিটি পলি ইথিলিন, ইথিলিন অক্সাইড, এপিলিড, এচিটিলিন, কাৰ্বন ব্লক আদিৰ পৰা ব্যাপকভাৱে বিভিন্ন উদ্যোগ গঢ়ি উঠিব৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৫ কোটি গ্ৰাহকৰ লগতে বাংলাদেশৰ বজাৰ দখল কৰিব পৰা যাব৷ গেছ ক্ৰেকাৰ প্ৰকল্পৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ৩০ হেজাৰ লোকৰ সংস্থাপনৰ পথ মুকলি হ’ব৷ আমি আশা কৰিছিলোঁ– গেছ ক্ৰেকাৰ প্ৰকল্পৰ দ্বাৰা কমেও ২০ হাজাৰ ক্ষুদ্ৰ প্লাষ্টিক উদ্যোগ গঢ়ি উঠিব৷ ভটিয়নী উদ্যোগৰ এখন বিশাল ক্ষেত্ৰ মুকলি হ’ব৷ অসমৰ সচেতন সমাজখনে আশা কৰিছিল যে গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হ’লে অসমত কমেও ১১টা দিশত উন্নয়নৰ পথ মুকলি হ’ব৷ সংস্থাপন, কাৰিকৰী দক্ষতাৰ সৃষ্টি, পিছপৰা অঞ্চলৰ উন্নয়ন, আন্তঃগাঁথনিৰ উত্তৰণ, জীৱন ধাৰণৰ মানৰ পৰিৱৰ্তন, ৰাজহ লাভ, সম্পদৰ সঠিক ব্যৱহাৰ, বিদেশী মুদ্ৰা আহৰণ, ভটিয়নী উদ্যোগৰ সম্প্ৰসাৰণ, শিল্পায়নৰ মানসিকতাৰ সৃষ্টি আিদ দিশসমূহৰ বাবে ইতিবাচক পদক্ষেপ হ’ব৷ আমি আশা কৰিছিলোঁ গেছ ক্ৰেকাৰ উদ্যোগে অসমত এক ঔদ্যোগিক পৰিৱেশৰ সৃষ্টি কৰিব৷ ভটিয়নী উদ্যোগৰ বিকাশে গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন কৰিব, অসমৰ ৰাজভঁৰালক শক্তিশালী কৰিব৷

Brahmaputra Crackers And Polymer Ltd, Lepetkata - Government Organisations in Dibrugarh - Justdial

আমি সকলোৱে আশা কৰিছিলোঁ অসম গেছ ক্ৰেকাৰ উদ্যোগ গঢ়ি উঠিব৷ জ্বলাই নষ্ট কৰা গেছৰ দ্বাৰা পলিমাৰ প্ৰস্তুত কৰি অসমত উদ্যোগৰ এক দীঘল শাৰীৰ সৃষ্টি কৰিব পৰা যাব৷ পলিমাৰৰ দ্বাৰা বিভিন্ন প্লাষ্টিক সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ভটিয়নী উদ্যোগ স্থাপন কৰিব পৰা যাব৷ কাৰণ পলিমাৰ উদ্যোগৰ ভৱিষ্যৎ যথেষ্ট শক্তিশালী৷ ভাৰতৰ প্লাষ্টিকৰ বজাৰখন বহল হোৱাৰ যথেষ্ট পৰিৱেশ আছে৷ এই বহল বজাৰখন অসমৰ গেছ ক্ৰেকাৰে দখল কৰিব পাৰিব৷ নিম্ন ঘনত্বৰ পলি-ইথিলিনৰ পৰা কৃষিক্ষেত্ৰ, খাদ্য, ৰন্ধনকাৰ্য, পেকেট কৰা ক্ষেত্ৰ, গৃহ নিৰ্মাণ, ৱায়েৰ কেবল, ঔষধ উদ্যোগত বহু সামগ্ৰী প্ৰস্তুত কৰবি পৰা যাব৷ উচ্ছ ঘনত্বৰ পলি-ইথিলিন শিল্পায়নৰ ক্ষেত্ৰখনৰ বাবে অতি প্ৰয়োজনীয়৷ সকলো স্তৰৰ পেকেট কৰা কামত ব্যৱহাৰ হয়৷ বস্ত্ৰশিল্প, বেকাৰী উদ্যোগ, পুতলা প্ৰস্তুত কৰা উদ্যোগ, তৈলক্ষেত্ৰৰ উদ্যোগ, সাৰ প্ৰস্তুত কৰা উদ্যোগ আদিত উচ্ছ ঘনত্বৰ পলি-ইথিলিনৰ প্ৰয়োজন যথেষ্ট৷ ঘৰুৱাভাৱে পাকঘৰৰ সামগ্ৰী, গৃহস্থলীত ব্যৱহৃত আচবাব, ৰছী, মাছমৰা জাল, বৃহৎ টেংক, পৰিবহণত ব্যৱহাৰ হোৱা বিভিন্ন গাড়ীৰ বাবে উচ্চ ঘনত্বৰ পলি-ইথিলিনেই অন্যতম কেঁচামাল৷ ইয়াৰ বাবেই গেছ ক্ৰেকাৰ উদ্যোগৰ প্ৰয়োজন৷ ইয়াৰ উপৰি পিভিচিৰ পৰা গৃহ নিৰ্মাণৰ সকলো বিষয়– দুৱাৰ, খিৰিকী, প্লাষ্টিক বেৰ, চিলিং আদি প্ৰস্তুত কৰা হয়৷ টেবুল ক্লথ, টেবুল নেট, বৈদ্যুতিক সামগ্ৰী, পানীৰ পাইপ আদি প্ৰতিটো প্ৰয়োজনীয় সামগ্ৰীৰ উৎস গেছ ক্ৰেকাৰ উদ্যোগ৷

brahmaputra cracker and polymer limited: Latest News & Videos, Photos about brahmaputra cracker and polymer limited | The Economic Times - Page 1

এতিয়া মুকলি প্ৰশ্নটো হ’ল, ২০১৬ চনৰ পৰা ডিব্ৰুগড়ত গেছ ক্ৰেকাৰ উদ্যোগে উৎপাদন আৰম্ভ কৰিলে৷ আমি অসমে আৰু অসমবাসীয়ে কি পালোঁ? ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডৰ ৭০ শতাংশ অংশ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান গেইলৰ৷ বাকী ৩০ শতাংশৰ ১০ শতাংশকৈ ক্ৰমে অসম চৰকাৰ, নুমলীগড় শোধনাগাৰ আৰু অইল ইণ্ডিয়াৰ৷ যোৱা প্ৰায় ৬টা বছৰে বিচিপিএলে পলিমাৰ প্ৰস্তুত কৰিলে আৰু এই পলিমাৰ উত্তৰ প্ৰদেশৰ কানপুৰলৈ প্ৰেৰণ কৰিলে৷ উত্তৰ প্ৰদেশত আমি অসমত আশা কৰি থকা উদ্যোগসমূহ গঢ়ি উঠিল, ৰাজহ পালে উত্তৰ প্ৰদেশ চৰকাৰে, সংস্থাপিত হ’ল উত্তৰ প্ৰদেশৰ যুৱক-যুৱতী৷ ১০ হাজাৰ কোটি টকা ব্যয় কৰি প্ৰতিষ্ঠা কৰা বিপিচিএলৰ পৰা মুঠতে প্ৰায় ৭০০ মান লোকে প্ৰত্যক্ষ নিযুক্তি লাভ কৰিলে, তাৰে পঞ্চাশ শতাংশ লোক অসমৰ নহয়৷ অসমৰ ৰাইজে সপোন দেখা ভটিয়নী উদ্যোগসমূহ নহ’ল৷ অসমৰ চৰকাৰসমূহে এইক্ষেত্ৰত কিবা কৰাৰ কোনো দায়িত্ববোধ নকৰিলে৷ ৰাজ্যৰ উদ্যোগ বিভাগে তিনিচুকীয়াৰ এখন চাহ বাগিচাৰ মাটি ক্ৰয় কৰি প্লাষ্টিক পাৰ্ক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ বাগানৰ মাটি ক্ৰয় কৰা হ’ল, প্লাষ্টিক পাৰ্কৰ নামকৰণ কৰা হ’ল, কিন্তু গেছ ক্ৰেকাৰ উদ্যোগৰ ওপৰত ভিত্তি কৰি প্ৰস্তাৱিত ভটিয়নী উদ্যোগসমূহ কৰা নহ’ল৷ প্ৰকৃতাৰ্থত অসম আন্দোলন আৰু অসম চুক্তিৰ লগত জড়িত গেছ ক্ৰেকাৰ উদ্যোগৰ পৰা অসমে একো নাপালে৷ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডৰ আগত ব্ৰহ্মপুত্ৰ শব্দটো লগাই দিলে৷ আমি সন্তুষ্ট হ’লোঁ, অন্ততঃ আমাৰ ব্ৰহ্মপুত্ৰৰ নামটো আছে৷

Assam Gas Cracker Project's administrative control transferred to oil ministry

এতিয়া প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ আন এটা দিশটোলৈ আহোঁ৷ গেইলে অ’এনজিচি আৰু অইল ইণ্ডিয়াৰ পৰা গেছ সংগ্ৰহ কৰাৰ পিছত লাকুৱাত থকা গেইলৰ নিজস্ব প্ৰতিষ্ঠানলৈ আনে৷ লাকুৱাত গেছৰ পৰা প্ৰ’পেন, বিউটেন আদি ইন্ধনৰ বাবে প্ৰয়োজনীয় দ্ৰব্যসমূহ আঁতৰ কৰি গেছক লিকুইড তথা জুলীয়াভাৱে লেপেটকতাৰ গেছ ক্ৰেকাৰ উদ্যোগলৈ প্ৰেৰণ কৰা হয়৷ লাকুৱাৰ উদ্যোগৰ পৰা গেইলে চাহ বাগিচাসমূহৰ লগতে মাইবেলা থাৰ্মেল আৰু অন্যান্য প্ৰতিষ্ঠানসমূহলৈ ইন্ধন হিচাপে প্ৰেৰণ কৰে৷ আমাৰ প্ৰশ্নটো হ’ল, গেছ ক্ৰেকাৰৰ লগত সম্পৰক থকা এই ব্যৱসায়টো অসম চৰকাৰৰ গেছ কোম্পানীৰ দ্বাৰা কৰিব নোৱাৰে কিয়? পশ্চিমবংগ আৰু গুজৰাট চৰকাৰে এনে বিষয়সমূহ সম্পূৰ্ণ নিজৰ হাতত ৰাখিছে৷ বিজেপি চৰকাৰৰ দিনতে উৎপাদন আৰম্ভ কৰা গেছ ক্ৰেকাৰ উদ্যোগৰ পৰা অসমৰ যুৱক-যুৱতীৰ উপাৰ্জনৰ পথ মুকলি কৰাৰ বাবে ভটিয়নী উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিব বুলি আশা কৰিছোঁ৷ ৰাজ্যৰ ৰাজহ বৃদ্ধিৰ অন্যতম প্ৰতিষ্ঠান হওক ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড৷

Brahmaputra Cracker and Polymer Limited

Leave a Reply