# চন্দন ফুকন #
সাম্প্ৰতিক অসমৰ সংবাদ জগতৰ দৃষ্টি আকৰ্ষণ কৰা এটি বাতৰি হৈছে, বিগত কিছু দিন ধৰি দুই শতাধিক অসমীয়া যুৱক-যুৱতীৰ আলফা (স্বাঃ)ত যোগদান। বাতৰি অনুসৰি ইয়াৰে অধিকাংশই মেধা সম্পন্ন আৰু শিক্ষিত। এই বাতৰি নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। এই লেখাত এই বাতৰিৰ লগত জড়িত কিছু বিচাৰ্য তথ্যৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে।
প্ৰথমতে, আলফা (স্বাঃ)ত যোগদান কৰা এইসকল যুৱক-যুৱতীয়ে দুটা প্ৰধান কাৰকৰ আধাৰত এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধৰিব পৰা যায়।
এক, আলফা (স্বাঃ)ৰ মতাদৰ্শৰ প্ৰতি আকৃষ্ট হৈ৷ দুই, কৰ্মসংস্থাপনহীন নিবনুৱা জীৱনৰ তিক্ত অভিজ্ঞতাত অতীষ্ঠ হৈ। নিষিদ্ধঘোষিত এই বিদ্ৰোহী সংগঠনৰ মতাদৰ্শৰ প্ৰতি আকৃষ্ট হ’বলৈ হ’লে এইসকল নৱ আলফা (স্বাঃ) সদস্য নিশ্চিতভাৱে উক্ত সংগঠনৰ সাংগঠনিক ক্ষেত্ৰত কৰ্মৰত কোনো অভিজ্ঞ জ্যেষ্ঠ সদস্যৰ সংস্পৰ্শলৈ আহিব লাগিব। ইয়ে কি সূচায়? আমাৰ নিৰ্মোহ বিশ্লেষণত মুকলিকৈ চকুত পৰা দিশটো হ’ল- সাম্প্ৰতিক সময়ৰ অসম চৰকাৰখনৰ অদক্ষ, অপটু কৰ্মপদ্ধতিৰ বাবে আৰু কিছু সুৰুঙাৰ বাবে আলফা (স্বাঃ)-এ বৰ্তমান সময়ত তেওঁলোকৰ সাংগঠনিক ভেটি নিশ্চিতভাৱে মজবুত কৰি তুলিব পাৰিছে।
দ্বিতীয়তে, যদিহে নতুনকৈ যোগ দিয়া যুৱক-যুৱতীসকল কৰ্মসংস্থাপনহীন তিক্ত অভিজ্ঞতাত অতিষ্ঠ হৈ এনে সিদ্ধান্ত লৈছে তেতিয়াও বৰ্তমান অসম চৰকাৰৰ বিফলতাইহে দৃষ্টি আকৰ্ষণ কৰে। কিয়নো, বৰ্তমান দ্বিতীয়বাৰৰ বাবে বিজেপি আৰু মিত্ৰজোঁটৰ শাসনৰ গাদীত বহা অসম চৰকাৰখনে বিগত প্ৰায় ছটা বছৰ অসমৰ জনসাধাৰণক আঁভুৱা-ভাৰি যিমানেই ঢাক-ঢোল নবজাওক কিয়, লক্ষ লক্ষ নিবনুৱাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত তিলমানো কৃতিত্ব দাবী কৰিব নোৱাৰে। বিশেষকৈ, বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এক লাখ নিবনুৱাক এবছৰৰ ভিতৰত সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি যে এক পানী মিঠৈ আছিল সেয়া জলজল-পটপটকৈ ওলাই পৰিছে। সম্প্ৰতি বাজেট অধিবেশনৰ সময়ৰ হুলস্থুলীয়া পৰিবেশেই ইয়াৰ মান্যতা প্ৰদান কৰিলে। আমি দোহৰাৰ প্ৰয়োজন নিশ্চয় নাই।
গুৰুত্বপূৰ্ণ দিশটো হ’ল, কেন্দ্ৰীয় চৰকাৰৰ বাহ্-বাহ্ আদায় কৰাৰ মানসেৰে নিজৰ পিঠি নিজেই থপথপাই আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ বাতৰি বিলাই চৰকাৰ আৰু বিদ্ৰোহী সংগঠনটোৰ মাজৰ যুদ্ধ বিৰতিৰ সময় পৰ্যায় ক্ৰমে বঢ়াই গৈ বৰ্তমানৰ অসম চৰকাৰে পশ্চাদগমনৰ দিশে গতি কৰিছে। বিপৰীতে এই সুযোগ গ্ৰহণ কৰি আলফা (স্বাঃ)-এ নিজৰ সাংগঠনিক ভেটি মজবুত কৰিছে।
এনে ক্ষেত্ৰত, এই সময় কাৰ পক্ষত সেয়া অসমৰ জনগণে নিশ্চয় বিচাৰ কৰি চাব।
এটা কথা নিশ্চিত যে অসমৰ জনগণে পুনৰ অপাৰেচন বজৰং, অপাৰেচন ৰাইনো, অপাৰেচন অল ক্লিয়াৰ, গুপ্তহত্যা-মুক্তহত্যা আদি কোনো কাৰণতেই নিবিচাৰে, কোনেও চিৰঘূণীয়া জীৱন অতিবাহিত কৰাৰ কামনা নকৰে। অসমৰ বৰচোতালত পুনৰ এক বীভিষিকাময় পৰিৱেশ প্ৰত্যক্ষ কৰিব নিবিচাৰে। নিবিচাৰে প্ৰতিনিয়ত বৃদ্ধি পাই অহা তৃতীয় বিশ্বযুদ্ধৰ অচিলাত সুযোগ সন্ধানী কোনো বিদেশী ৰাষ্ট্ৰই অগ্নিৰ স্ফুলিংগ দলিয়াই অসম আৰু অসমবাসীক গিনিপিগ সজোৱাৰ।
সেয়ে সময় থাকোঁতেই অসম চৰকাৰে তেওঁলোকৰ অভিভাৱক কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম আৰু অসমবাসীৰ হিতাৰ্থে এক প্ৰায়োগিক শান্তিকল্প পদক্ষেপ গ্ৰহণ কৰাটো আমি বিচাৰোঁ। আশাকৰো দেশৰ শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত অসম চৰকাৰে এক তাৎক্ষণিক দায়িত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব।