# বিশেষ প্ৰতিবেদন #
ডিজিটেল মাধ্যমত ঋণ প্ৰদানৰ যিমানসংখ্যক এপ আছে তাৰে সিংহভাগেই অবৈধ। এই দাবী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক ৰিপোর্টত। এই মুহূর্তত ভাৰতত ১,১০০মান এপ আছে যিবোৰ কেইটামান নির্দিষ্ট কী-ৱর্ড টাইপ কৰিলে পোৱা যায়। বিভিন্ন এপ ষ্টোৰত ‘লোন’, ‘ইনষ্টেণ্ট লোন’, ‘কুইক লোন’ লিখিলে এই এপবোৰ পোৱা যায়। ইয়াৰ ভিতৰত ৬ শতাধিক এপেই অবৈধ বুলি আৰবিআইৰ উক্ত ৰিপোর্ট দাবী কৰা হৈছে।
ভাৰতত দিনক দিনে ডিজিটেল লেনদেন বাঢ়িছে। তাৰ লগত সমানে বৃদ্ধি পাইছে গ্রাহকসকলক ঠগোৱাৰ ঘটনাও। অতীততো একাধিকবাৰ ইয়াকে লৈ সতর্ক কৰিছে ৰিজার্ভ বেঙ্কে। বহু এপত কোনো নিয়ম-নীতি নমনাকৈয়েই আর্থিক লেনদেন কৰা বুলি অভিযোগ উঠে। এই ক্ষেত্ৰত সবিস্তাৰে সন্ধান কৰাৰ বাবে বিগত জানুৱাৰীত এটি ‘ৱর্কিং গ্রুপ’ গঠন কৰে ৰিজার্ভ বেঙ্কে। উক্ত গ্রুপৰ ৰিপোর্টতেই দাবী কৰা হৈছে যে দেশত বিভিন্ন এপ ষ্টোৰত এণ্ড্ৰয়েড ফোনৰ উপযোগী ঋণ দিয়াৰ এনে ৬ শতাধিক এপ আছে যিবোৰ ৰিজার্ভ বেঙ্কৰ দৃষ্টিত অবৈধ। এইবোৰে ৰিজার্ভ বেঙ্কৰ নীতি মানি নচলে। অৱশ্যে কোন কোন এপ উক্ত তালিকাত আছে সেয়া ৰিপোর্টটোত উল্লেখ কৰা হোৱা নাই। কিন্তু কোৱা হৈছে যে ১ জানুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰীৰ ভিতৰত সমীক্ষা চলাই দেখা গৈছে, ভাৰতত মুঠ ৮১টা এপ ষ্টোৰ আছে যিবোৰত উক্ত বিপজ্জনক এপবোৰ পোৱা যায়।
ডিজিটেল লেনদেনৰ ক্ষেত্রত এই এপবোৰ যে বিপজ্জনক, সেয়া বহু দিন আগৰে পৰাই ৰিজার্ভ বেঙ্কৰ দৃষ্টিলৈ আহে। ২০২০ৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ মার্চ পর্যন্ত মুঠ ২,৫৬২টা অভিযোগ লাভ কৰে ৰিজার্ভ বেঙ্কে। এই অভিযোগবোৰ তদন্ত কৰি দেখা যায় যে বেছিভাগ ক্ষেত্রতেই এপ ব্যৱহাৰকাৰী ব্যক্তি আর্থিক ক্ষতিৰ সন্মুখীন হৈছে। বহু ক্ষেত্রত দেখা গৈছে যে তেওঁলোকে যি সংস্থাৰ পৰা ঋণ লৈছে উক্ত সংস্থা ৰিজার্ভ বেঙ্কৰ অনুমোদনপ্রাপ্ত এনবিএফচি (নন বেঙ্কিং ফিনেন্সিয়েল কোম্পানী) নহয় বুলি তেওঁলোকে নাজানে। বহু সময়ত এপৰ জৰিয়তে কোনো ব্যক্তিৰ পৰাও ঋণ লৈছে গ্রাহকসকলে। এনে ঘটনাৰ অভিযোগ যিবোৰ ৰাজ্যত সৰ্বাধিক সেইবোৰৰ ভিতৰত হৈছে পশ্চিমবঙ্গ, তামিলনাডু, গুজৰাট, মহাৰাষ্ট্র, কৰ্ণাটক, দিল্লী, হাৰিয়ানা, তেলেঙ্গানা, অন্ধ্রপ্রদেশ আৰু উত্তৰ প্রদেশত।
আনহাতে, সহজতে ঋণ পোৱাৰ আকর্ষণত বহুতেই আধাৰ, পেন কাৰ্ডৰ উপৰি বেঙ্কৰ তথ্যও উক্ত এপবোৰক দিছে। আনকি উক্ত এপবোৰে গ্রাহকৰ ফোনত ছেভ থকা নম্বৰ অবৈধভাবে ব্যৱহাৰ কৰিছে। অতিৰিক্ত সুতোতো বাদেই, তাৰ লগতে বিভিন্ন গোপন খৰচো লৈছে গ্রাহকৰ পৰা। আকৌ ঋণৰ টকা আদায়ৰ ক্ষেত্রতো নিয়ম বহির্ভূতভাবে হেঁচা দিয়াৰ অভিযোগো আছে। ৰিজার্ভ বেঙ্কে নির্দিষ্টভাবে অবৈধ এপৰ তালিকা প্রকাশ নকৰিলেও অতীতত একাধিকবাৰ কোৱা হৈছে যে অজ্ঞাত ব্যক্তি বা সংস্থাক ব্যক্তিগত তথ্য দিলে আর্থিক ক্ষতি হ’ব পাৰে। এইবাৰৰ ৰিপোর্টতো উক্ত আশঙ্কা কৰা হৈছে। এই ধৰণৰ এপ নিষিদ্ধ কৰা প্রয়োজন বুলিও ৰিপোর্টটোত উল্লেখ কৰা হৈছে।