নাৰেঙ্গীৰ পৰা পলাশবাৰীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব চাৰিখন দলং

দিছপুৰৰ উৰণীয়া সেতু উদ্বোধন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা

# নিউজ ডেস্ক #

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে মুকলি কৰে দিছপুৰ ছুপাৰ মাৰ্কেটৰ নৱনিৰ্মিত উৰণীয়া সেতু। উল্লেখ্য, এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ৩ বছৰ সময় নিৰ্ধাৰণ কৰা হৈছিল৷ কিন্তু ১২০৫ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় মাত্ৰ ২২ মাহৰ ভিতৰতে৷ সেতুখন নিৰ্মাণত ব্যয় হয় ১২৭.২০ কোটি টকা৷

উৰণীয়া সেতুখন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে কেইবাটাও নতুন আঁচনিৰ কথা ঘোষণা কৰে। ইয়াৰে ভিতৰত আৰ জি বৰুৱা ৰোডত আন এখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

বাইহাটা হৈ কুৰুৱাৰে নাৰেঙ্গীলৈ নিৰ্মাণ হ’ব ছয়লেনযুক্ত ৰিং ৰোড।

নাৰেঙ্গীৰ পৰা পলাশবাৰীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব চাৰিখন দলং।

ব্ৰহ্মপুত্ৰৰ পাৰ বিনোদনৰ স্থানলৈ ৰূপান্তৰ কৰা হ’ব যাতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পৰা যায়৷

গুৱাহাটী মহানগৰী পাৰ্শ্বৱৰ্তী অঞ্চলসমূহলৈ সম্প্ৰসাৰণ কৰা হ’ব৷ চানমাৰিস্থিত আকাশবাণীৰ কাৰ্যালয়ৰ ওচৰত নিৰ্মাণ হ’ব উদ্যান৷

চন্দ্ৰপুৰত নিৰ্মাণ হ’ব খেলপথাৰ৷

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহ উন্নয়নৰ লগতে বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হ’ব।

 

Leave a Reply