# নিউজ ডেস্ক #
ভাৰতীয় ষ্টেট বেংকে তাৰ গ্রাহকসকলক এক বিশেষ সুযোগ প্ৰদান কৰে। কিন্তু বহুতেই হয়তো সেয়া নাজানে। দেশৰ বৃহত্তম বেঙ্কটোৰ ডেবিট কার্ড থকা মানেই তাৰ লগত বিনা খৰচত পোৱা যায় দুর্ঘটনা বীমা। উক্ত বীমাৰ মূল্য সর্বোচ্চ ২০ লাখ টকা। অৱশ্যে বিভিন্ন ধৰণৰ কার্ড অনুযায়ী বীমাৰ অঙ্ক পৃথক পৃথক হয়। কিন্তু গুৰুত্বপূৰ্ণ বিষয় এইটো যে এই বীমাৰ বাবে কোনো ধৰণৰ ধন এছবিআইক দিবলগা নহয়। গোটেইখিনি বহন কৰে এছবিআইয়ে।
এছবিআইৰ ৱেবছাইট অনুযায়ী সকলোতকৈ বেছি ক্ষতিপূৰণ পোৱা যায় ছিগনেচাৰ মাষ্টাৰ বা ভিছা কার্ডত। এই ডেবিট কার্ড যিসকল গ্রাহকৰ ওচৰত আছে, তেওঁলোকৰ সাধাৰণ দুর্ঘটনাত মৃত্যু হ’লে বেঙ্কটোৱে পৰিয়ালক ১০ লাখ টকা দিয়ে। আকৌ যদি বিমান দুর্ঘটনাত মৃত্যু হয়, তেন্তে ক্ষতিপূৰণৰ পৰিমাণ হয় ২০ লাখ টকা। সংশ্লিষ্ট বেঙ্ক একাউণ্টত যি নমিনি আছে তেৱেঁই পায় ক্ষতিপূৰণৰ টকা। সেয়ে প্রতিটো একাউণ্টতেই নমিনি থকাটো বাঞ্ছনীয়।
কিন্তু এই বীমাৰ সুবিধা পোৱাৰ বাবে গ্রাহকসকলে কিছু চর্ত মানি চলিবলগা হয়। সেইবোৰ অৱশ্যে সিমান কঠিন চর্ত নহয়। দুর্ঘটনাৰ আগৰ তিনি মাহ বা ৯০ দিনৰ ভিতৰত উক্ত ডেবিট কার্ড ব্যৱহাৰ কৰি থাকিব লাগিব। কোনো এটিএমৰ পৰা টকা উলিওৱা বো কার্ডৰ জৰিয়তে কোনো বস্তু ক্ৰয় কৰিলেও হ’ব। ডেবিট কার্ডৰ জৰিয়তে বস্তু ক্ৰয়ৰ ওপৰতো বীমাৰ সুযোগ দিয়ে ষ্টেট বেংকে। ক্ৰয়ৰ ৯০ দিনৰ ভিতৰত চুৰি, ডকাইতি হ’লে বীমাৰ বাবদ ক্ষতিপূৰণ পোৱা যায়।