এটিএম ব্যৱহাৰত অধিক কঠোৰ ষ্টেট বেংক

কার্ড ভৰালেই নাপাব টকা!

File photo

# নিউজ ডেস্ক #

দিনে দিনে অধিক সক্রিয় হৈ পৰিছে বিভিন্ন বেংক জালিয়াতে চক্র। বিভিন্ন কায়দাৰে গ্রাহকৰ বেঙ্ক একাউণ্টৰ পৰা টকা সৰকাই আছে উক্ত চক্ৰবোৰে। হেৰুওৱা এটিএম কার্ডেৰেও টকা উঠাইছে বহু সময়ত। এই জালিয়াতি ৰুধিবলৈ পূৰ্বতেই এটি পদ্ধতি লৈছিল ভাৰতীয় ষ্টে বেঙ্কে। এইবাৰ উক্ত নিয়ম আৰু কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে দেশৰ বৃহত্তম বেঙ্কটোৱে।

সম্প্রতি বেঙ্কটোৱে টুইট কৰি জনাইছে, বেছি পৰিমাণৰ টকা উলিওৱাৰ ক্ষেত্রত অ’টিপি বাধ্যতামূলক হৈছে। অর্থাৎ এটিএমৰ পৰা টকা উলিয়াবলৈ গ’লে এছবিআইয়ে গ্রাহকসকলৰ সংশ্লিষ্ট একাউণ্টৰ সৈতে জড়িত ফোন লগত নিব লাগিব। ১০ হাজাৰ বা তাতকৈ বেছি টকা উলিয়াবলৈ হ’লে ফোনত এটি অ’টিপি আহিব। সেইটো ব্যৱহাৰ কৰাৰ পিছতহে টকা উলিয়াব পৰা যাব। কেৱল কার্ডৰ জৰিয়তে এবাৰত সর্বোচ্চ ৯,৯০০ টকা উলিয়াব পৰা যাব। ইয়াৰ বেছি উলিয়াবলৈ হ’লে একাধিক লেনদেন কৰিব লাগিব।

কিন্তু অন্য বেঙ্কৰ এটিএমৰ পৰা যদি এছবিআই গ্রাহকসকলে টকা উলিয়ায়, তেতিয়া এই পদ্ধতি কার্যকৰী নহ’ব। কাৰণ এই পদ্ধতি এতিয়াও নেচনেল ফিনান্সিয়েল ছুইচ (এনএফএছ) ব্যৱস্থাত সংযুক্ত হোৱা নাই। এই এনএফএছ ব্যৱস্থাৰ জৰিয়তেই সকলো বেঙ্কৰ গ্রাহকে অন্য যিকোনো এটিএমৰ পৰা টকা উলিয়াব পাৰে।

Leave a Reply