# নিউজ ডেস্ক #
উত্তৰ-পূব ভাৰতৰ পথসমূহৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাবে বৰ্তমানৰ গুৱাহাটীৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ছয়লেনলৈ সম্প্ৰসাৰণ ঘটাব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এনএইচএআইয়ে৷ এই প্ৰকল্পৰ বাবদ আনুমানিক ব্যয় হ’ব ৩৫৬.০২ কোটি টকা। প্ৰকল্পটোত থাকিব ‘যান-বাহনৰ আণ্ডাৰপাছ’ৰ লগতে চাৰিখন ফ্লাইঅ’ভাৰ। এই অভিলাষী প্ৰকল্পটোত জালুকবাৰী চাৰিআলিৰ পৰা বশিষ্ঠ চাৰিআলিলৈ পথছোৱাত সন্মুখীন হোৱা যান-জঁটৰ সমস্যাৰ সমাধানৰ পৰিকল্পনা কৰা হৈছে।
ইয়াৰ বাবে বৰ্তমান এনএইচএআইৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত নিবিদা-মূল্যাঙ্কন প্ৰক্ৰিয়াৰ পৰীক্ষা চলি আছে। এই নিবিদাত মুঠ ১০টা নিৰ্মাণ কোম্পানীয়ে অংশগ্ৰহণ কৰা বুলি এনএইচএআই সূত্ৰত প্ৰকাশ। ইয়াৰ পূৰ্বে ২০১৭ চনত এনএইচএআইয়ে ডিপিআৰ (বিতং প্ৰকল্প প্ৰতিবেদন) পৰামৰ্শদাতা কোম্পানী নিয়োগ কৰিছিল। অৱশ্যে, এই গুৰুত্বপূৰ্ণ ঘাইপথ প্ৰকল্পৰ কাৰ্যকৰীকৰণ এজেন্সী এনএইচএআই নে এনএইচআইডিচিএল (ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড) হ’ব সেই বিষয়ে এক জটিলতা সৃষ্টি হোৱাৰ বাবে প্ৰকল্পটো ৰূপায়ণত কিছু পলম হৈছে।
জানিব পৰা মতে, প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত জালুকবাৰীৰ পৰা বশিষ্ঠ চাৰিআলিলৈকে অংশটো ছয়লেনলৈ উন্নীত কৰা হ’ব। এই পথছোৱাত বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিত চাৰিখন ছয়লেনৰ উৰণীয়া সেতু থাকিব।
ইয়াৰ উপৰি বেহাৰবাৰী পইণ্টত ‘যান-বাহনৰ আণ্ডাৰপাছ’ৰ পৰিকল্পনা কৰা হৈছে। যান-জঁটৰ সমস্যা নিয়ন্ত্ৰণ কৰাৰ বাবেই এই পৰিকল্পনা কৰা হৈছে বুলি সূত্ৰটোত প্ৰকাশ।
আনহাতে, ছয়লেনৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পটোৰ লগতে সমগ্ৰ গুৱাহাটী অংশত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ‘ছাৰ্ভিচ ৰোড’ থাকিব। এই প্ৰকল্পৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৩০ মাহ। ২০২২ চনৰ আৰম্ভণিতে এই প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷