কেন্দ্ৰীয় চৰকাৰৰ ইথানল প্ৰকল্প আৰু ভৱিষ্যৎ সম্ভাৱনীয়তা

ফাইল ফটো

# প্ৰফুল্ল কুমাৰ শইকীয়া #

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভাৰতবৰ্ষৰ ২২খন ৰাজ্যত ৪২২টা নতুন ইথানল উদ্যোগ ব্যক্তিগত খণ্ডত স্থাপনৰ বাবে নীতিগতভাৱে অনুমোদন জনাইছে। এই ৪২২টা ইথানল উদ্যেগত ৪১,০০০ কোটি টকা বিনিয়োগেৰে ১,৬৭৫ কোটি লিটাৰ ইথানল উৎপাদন কৰিবলৈ বিচাৰিছে। ৪২২টা গোটৰ ভিতৰত ২০১টা গোট grain base distilleries (খুদ চাউল, বেয়া চাউল, চাউলৰ মল, গম ভিত্তিক ইথানল) বাকীবোৰ molasses base (লালি-চেনি নিষ্কাশনৰ পাছত ৰৈ যোৱা ৰস) উদ্যোগ।

ভাৰতবৰ্ষৰ তেল কোম্পানীবোৰক ইথানলৰ ২০ শতাংশ ব্লেণ্ডিঙলৈ যাবলৈ হ’লে বছৰি প্ৰয়োজন প্ৰায় ১০০০ কোটি লিটাৰ ইথানল, ইয়াৰ বাহিৰেও বছৰি প্ৰায় ৪০০ কোটি লিটাৰ ইথানল ভাৰতৰ বিভিন্ন ৰাসায়নিক উদ্যেগবোৰক প্ৰয়োজন। ভাৰতবৰ্ষত প্ৰয়োজন হোৱা ১,৪০০ কোটি লিটাৰ ইথানলৰ ভিতৰত কেৱল চেনিকলসমূহৰ পৰা ৭০০ কোটি লিটাৰ আৰু বাকী ৭০০ কোটি লিটাৰ grain base distilleries-ৰ পৰা আহিব বুলি অনুমান কৰা হৈছে। উত্তৰ প্ৰদেশৰ ৫৮টা distillery-য়ে ৫৮ কোটি লিটাৰ ইথানল উৎপাদন কৰি আছে। জানিব পৰা মতে, ৭০০ কোটি লিটাৰ ইথানল বনাবলৈ grain based distillery-বোৰক প্ৰায় ১৭.৫ নিযুত টন  ভঙা/খুদ/বেয়া চাউল, খাদ্য অনুপযোগী চাউল, গম (maize) আদি লাগিব আৰু ইয়াৰ দ্বাৰা কৃষকসকলো উপকৃত হ’ব বুলি আশা কৰা হৈছে। ইথানলৰ দাম ৫৮ টকাৰ পৰা ৬৬ টকাৰ ভিতৰত থাকিলে ব্লেণ্ডিঙৰ জৰিয়তে পেট্ৰ’লৰ দাম ৭৫ টকাৰ ভিতৰত ৰাখিব পৰা যাব বুলি অনুমান কৰিব পাৰি।

জানিব পৰা মতে, অসমৰ বাঁহ ভিত্তিক নুমলীগড় শোধনাগৰৰ বাহিৰেও প্ৰায় ৬টা grain base  এনে প্ৰকল্প স্থাপন হ’বলৈ গৈ আছে, অৱশ্যে কোনবোৰ স্থানত হ’ব তাৰ সবিশেষ জানিব পৰা হোৱা নাই।

পেট্ৰ’লৰ দাম বৃদ্ধি হ্ৰাস কৰাৰ লগতে আমদানিৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈকে এনে ব্যৱস্থা হাতত লোৱা হৈছে। চলিত বছৰত ৮.৫ শতাংশ ব্লেণ্ডিং, অহা বছৰত ১০ শতাংশ আৰু ২০২৫ বৰ্ষৰ ভিতৰত এই ব্লেণ্ডিং ২০ শতাংশলৈ বৃদ্ধি কৰিবলৈ চৰকাৰে প্ৰস্তাৱ লৈছে। লগতে চলিত বছৰৰ ৬৮৪ কোটি লিটাৰ উৎপাদনৰ পৰিমাণক দুগুণলৈ বৃদ্ধি কৰিবলৈকো থিৰাং কৰিছে।

ইথানল উদ্যেগ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সাহায্য আগবঢ়াবলৈ গৈছে। ঠিক তেনেদৰে ৰাজ্য চৰকাৰেও ব্যৱস্থা হাতত লৈছে।

সংক্ষিপ্তভাৱে অসম ইথানল প্ৰডাকচন প্ৰমোচন নীতি ২০২১ :

ৰাজ্য চৰকাৰে অলপতে বিজ্ঞপ্তিযোগে ‘অসম ইথানল প্ৰডাকচন প্ৰমোচন নীতি ২০২১’ ঘোষণা কৰিছে। এই নীতিৰ মূল উদেশ্য হৈছে ঘৰুৱাভাৱে প্ৰস্তুতকৃত ইথানল পেট্ৰ’লৰ লগত মিহলাই সামগ্ৰীবিধৰ দাম কমোৱাৰ লগতে স্থানীয় উদ্যেগ স্থাপন আৰু কৃষকসকলক শক্তি খণ্ডৰ অৰ্থনীতিৰ লগত সংযোগ স্থাপন কৰা।

অসমত ইথানল উদ্যোগ স্থাপন কৰিলে তেনে উদ্যোগলৈ বিভিন্ন সাহায্য আগবঢ়াবলৈ চৰকাৰে মনস্থ কৰিছে, ইয়াৰ ভিতৰত ৫ বছৰৰ বাবে প্ৰতি ইউনিট বিজুলীৰ খৰচত ৩ টকাকৈ সাহায্য, ৫ বছৰৰ বাবে  কাৰ্যকৰী মূলধনৰ সুদৰ ৫ শতাংশ সৰ্বোচ্চ ৫০ লাখ টকা সাহায্য, ৫ বছৰৰ বাবে ১০০ শতাংশ SGST ৰেহাই সৰ্বোচ্চ ২৫০ শতাংশ সমপৰিমাণৰ বিনিয়োগ, মাটিৰ শ্ৰেণী পৰিবৰ্তনৰ খৰচৰ ১০০ শতাংশ ৰেহাই, ২০ শতাংশ মূলধনী ৰাজসাহায্য সৰ্বোচ্চ ৫ কোটি আদি কৰি বিভিন্ন সাহায্য দিবলৈ প্ৰস্তাৱ  ৰাখিছে।

অধিক তথ্যৰ বাবে industries.assam.gov.in চাব পাৰে।

অন্য এক কথা :

অসমত তথ্য মতে, ৯৫ লাখ মেট্ৰিকটন ধান, ৯১,০০০ টন গম আৰু ১০.৬৭ লাখ মেট্ৰিকটন কুঁহিয়াৰ উৎপাদন হয়।

অসমত যিহেতু আজিৰ তাৰিখত কোনো চেনিকল নাই সেয়েহে ইয়াৰ পৰা গুৰ/লালি আদি উৎপাদন কৰা হয় প্ৰায় ৯৫,০০০ মেট্ৰিকটন। বেছিভাগ গুৰ/লালি ভাটিবোৰত চুলাই বনাবলৈ ব্যৱহাৰ কৰা হয়, জাবৰীবোৰ জ্বলাই দিয়া হয়। ভবিষ্যতৰ বজাৰ এখন আহি আছে, য’ত লালি বিক্ৰী কৰাৰ থল ওলাব আৰু তেখেতসকলৰ উদ্যোগত বিজুলী উৎপাদনৰ বাবে জাবৰীবোৰো বিক্ৰী হ’ব।

গমৰ খেতি অসমত নতুন যদিও প্ৰতি বছৰে ইয়াৰ উৎপাদন বাঢ়ি আছে৷ কিন্তু চৰকাৰৰ দ্বাৰা ঘোষিত ন্যূনতম সমৰ্থিত মূল্য বিভিন্ন অজুহাতত পাব পৰা নাই। প্ৰায়বোৰ কৃষকে চলি থকা distillery-বোৰত গম বিক্ৰী কৰি আছে, পুনৰ আৰু ৬টা নতুন উদ্যোগ অহা মানে প্ৰতিযোগিতা বাঢ়িব, আগতীয়া পৰিকল্পনা দৰকাৰ।

ধানৰ ক্ষেত্ৰত প্ৰচলিত নিয়ম অনুসৰি ১ কুইন্টল ধানৰ পৰা ৬৭ কিলোগ্ৰাম চাউল ওলাব লাগে। বাকী ৩৩ কিলোগ্ৰামৰ প্ৰায় ২০ কিলোগ্ৰাম তুঁহ আৰু ১৩ কিলোগ্ৰাম ভঙা চাউল/চাউলৰ মলি। প্ৰস্তাৱিত ইথানল মিলবোৰে ভঙা চাউল/চাউলৰ মলিবোৰ ইথানল প্ৰস্তুতৰ বাবে আৰু বাকী তুঁহবোৰ তেখেতসকলৰ উদ্যোগবোৰত বিজুলী উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব।

এখন প্ৰতিযোগিতামূলক বজাৰ সৃষ্টি হ’ব, যিসকলে এনেবোৰ সামগ্ৰীৰ ওপৰত কোনো উদ্যোগ/ব্যৱসায় আদি কৰি আছে তেখেতসকলে আগতীয়াকৈ পৰিকল্পনা কৰা ভাল যাতে নতুন প্ৰতিযোগী অহাৰ বাবে চলি থকা উদ্যোগ/ব্যৱসায় বাধাগ্ৰস্ত নহয়। ঠিক তেনেদৰে কৃষকসকল, মিলাৰসকল, গুৰ/লালি প্ৰস্তুত কৰাসকলেও পৰিকল্পিত পদক্ষেপ লোৱাটো বাঞ্ছনীয়।

Leave a Reply