# নিউজ ডেস্ক #
কৰোনাকালত বেঙ্কৰ অনুৎপাদক সম্পদ কমাবলৈ যোৱা বছৰ লকডাউনৰ সময়ৰ পৰা ছয়মাহ বেঙ্ক ঋণ পৰিশোধৰ কিস্তি স্থগিত ৰখাৰ সুবিধা দিছিল কেন্দ্রই। পৰৱর্তী সময়ত ঋণ পুনর্গঠনৰ সুবিধা, সূক্ষ্ম-ক্ষুদ্র-মজলীয়া কোম্পানীৰ বাবে চৰকাৰী গেৰান্টিযুক্ত ঋণৰ ব্যৱস্থা কৰিও অনাদায়ী ঋণ কমোৱাৰ চেষ্টা কৰা হয়। তৎসত্ত্বেও চলিত বিত্তীয় বর্ষত দেশত বেঙ্কবোৰৰ মুঠ অনুৎপাদক সম্পদ (এনপিএ) ঋণ ৮%-৯% হ’ব পাৰে বুলি অনুমান ক্রিছিলৰ। এই বছৰত ২% ঋণ পুনর্গঠনসহ সকলো মিলাই অনাদায়ী ঋণ ১০%-১১% হ’ব পাৰে বুলিও অনুমান কৰা হৈছে।
ৰেটিং সংস্থাটোৰ জ্যেষ্ঠ সঞ্চালক আৰু উপ মুখ্য ৰেটিংছ বিষয়া কৃষ্ণন সীতাৰমনৰ মতে, মুঠ বেঙ্ক ঋণৰ প্রায় ৪০% খুচুৰা (গৃহ-গাড়ী ঋণ) আৰু সূক্ষ্ম-ক্ষুদ্র-মজলীয়া উদ্যোগৰ (এমএছএমই) ঋণ। মূলত এই দুই ক্ষেত্রতেই আগন্তুক মার্চলৈ গৈ বহু ঋণৰ টকা আদায় ন’হৈ এনপিএত পৰিণত হোৱাৰ আশঙ্কা আছে। খুচুৰা ক্ষেত্রত অনাদায়ী ঋণ বাঢ়ি ৪%-৫% আৰু এমএছএমইৰ ক্ষেত্রত ১৭%-১৮% হ’ব পাৰে বুলিও তেওঁলোকৰ ধাৰণা। ক্রিছিলৰ মতে, ক্ষুদ্ৰ উদ্যোগৰ বাবে কেন্দ্রই বিভিন্ন ঋণ প্রকল্প আনিলেও, আচলতে সেয়া অনুৎপাদক সম্পদৰ পৰা বচাবলৈ সিমান এটা সুৰক্ষা নিদিব বেঙ্কবোৰক।
অৱশ্যে এই বিত্তীয় বর্ষত ৯% এনপিএৰ অনুমান বিগত ২০১৭-১৮ চনৰ তুলনাত কম। সেইবাৰ আছিল ১১.২%।