# বিশেষ প্ৰতিবেদন #
বয়স মাত্র ২৩ বছৰ৷ এই বয়সতে দেশৰ কনিষ্ঠতম ধনীৰ স্বীকৃতি লাভ শাশ্বত নকৰানিৰ। সম্প্রতি আইআইএফএল ৱেল্থ হুৰান ইণ্ডিয়াৰ ধনীৰ তালিকাত স্থান লাভ কৰিছে শাশ্বতে। একেবাৰে কম বয়সতেই দেশৰ ধনীৰ তালিকাত স্থানলাভ কৰিছে তেওঁৰ দৰে আন ১৩ জনে। তেওঁলোকৰ ভিতৰত কনিষ্ঠতম শাশ্বত।
যিটো বয়সত কোনোৱে হয়তো স্নাতকোত্তৰ পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত, কোনোৱে বা স্নাতক উত্তীৰ্ণ হৈ কামত সোমাইছে মাত্ৰ বা আন কোনোৱে এতিয়াও জীৱনৰ লক্ষ্যই স্থিৰ কৰিব পৰা নাই, সেই বয়সতেই শাশ্বতে নজিৰ গঢ়িবলৈ সক্ষম হৈছে লেনদেনৰ এক এপৰ জৰিয়তে।
অনলাইন লেনদেনৰ এপ ‘ভাৰতপে’ৰ সহ-প্রতিষ্ঠাতা তেওঁ। ফেচবুকৰ মালিক মার্ক জুকাৰবার্গ বা মাইক্রোছফ্টৰ প্রতিষ্ঠাতা বিল গেটছৰ দৰে ভাৰতৰ শাশ্বতেও কলেজীয়া শিক্ষা সম্পূর্ণ কৰা নাই। নিজৰ এপ নিৰ্মাণত পৰিয়ালৰ আপত্তি সত্ত্বেও কলেজ এৰি ওলাই আহিছিল শাশ্বত।
২০১৫ চনত টেক্সটাইল প্রযুক্তিত অধ্যয়নৰ বাবে দিল্লী আইআইটিত নামভৰ্তি কৰিছিল শাশ্বতে। কিন্তু কলেজৰ তৃতীয় বর্ষৰ পৰীক্ষাৰ পূৰ্বেই কলেজ এৰি দিয়ে।
২০১৮ চনত আছনীৰ গ্র’ভাৰ আৰু ভাবিক কোলাদিয়াৰ সৈতে মিলিত প্ৰচেষ্টাত ‘ভাৰতপে’ এপ বজাৰলৈ আনে তেওঁ। কোম্পানীটোৰ গ্রুপ প্রডাক্ট হেড হয়।
মুঠ ১০০৭ জন উদ্যোগপতিৰ ওপৰত সমীক্ষা চলাইছিল আইআইএফএল ৱেল্থ হুৰান ইণ্ডিয়াই। তেওঁলোকৰ ভিতৰত কনিষ্ঠতম শাশ্বত।
শাশ্বতৰ এপ ‘ভাৰতপে’ই ব্যৱসায়ীসকলৰ ওচৰত এসময়ত বহুল জনপ্রিয়তা অর্জন কৰিছিল। এই ‘ভাৰতপে’ এপৰ কিউআৰ কোডৰ জৰিয়তেই পেটিএম, ফোনপে, গুগলপে, ভিমসহ ১৫০টাৰো অধিক ইউপিআই মাধ্যমত লেনদেন কৰা হয়।
লগতে আৰু এটি ৰেকর্ড আছে শাশ্বতৰ জোলোঙাত। শাশ্বত এনে এজন বিত্তশালী উদ্যোগপতি যিয়ে সম্পূর্ণ নিজৰ প্ৰচেষ্টাত এই স্থানত উপনীত হৈছে।
ইণ্টাৰনেট মাধ্যমত সক্রিয় শাশ্বতে পিছে ব্যক্তিগত জীৱন লোকচক্ষুৰ আঁৰত ৰাখিয়েই ভালপায়। সুস্বাদু খাদ্য খোৱা আৰু ঘূৰি ফুৰাটো তেওঁৰ জীৱনৰ দুই গুৰুত্বপূর্ণ অংশ।
এইখিনিতে হয়তো জানিবলৈ মন যাব শাশ্বতৰ সম্পত্তিৰ পৰিমাণ কিমান? ইতিমধ্যেই প্ৰায় এক হাজাৰ কোটি টকাৰ মালিক শাশ্বত নকৰানি।