অর্থনীতিৰ নতুন ঔষধ ‘বেড বংক’ : ৩০,৬০০ কোটি টকা অনুমোদন কেন্দ্ৰৰ

ফাইল ফটো

# নিউজ ডেস্ক #

এফালে বেংকৰ হিচাবত বিপুল পৰিমাণৰ আনাদায় ঋণৰ বোজা, আনফালে কৰ্প’ৰেট কোম্পানীৰ হিচাবতো পৰিশোধ কৰিব নোৱাৰা দেনাৰ হেঁচা৷ অৰ্থনীতিৰ ‘বেলেন্স শ্বিট’ৰ এই যুৰীয়া ৰোগ নিৰাময় কৰিবলৈ ‘বেড বেঙ্ক’ সৃষ্টিৰ কথা বিগত বাজেটত ঘোষণা কৰা হৈছিল। এইবাৰ কেন্দ্রীয় মন্ত্ৰীসভাই উক্ত বেড বেঙ্ক বা নেচনেল এছেট ৰিকনষ্ট্ৰাকচন কোম্পানী লিমিটেড (এনএআৰচিএল) গঠনৰ সিদ্ধান্তত ছীল-মোহৰ মাৰিলে।

কিন্তু কি এই বেড বেঙ্ক?

এই কোম্পানীয়ে বেঙ্কৰ হিচাবত থকা সকলো অনাদায়ী ঋণ বা অনুৎপাদক সম্পদৰ কাগজ-পত্র নিজৰ হাতলৈ নিব। ফলত বেঙ্কৰ হিচাবৰ পৰা অনাদায় ঋণ মচা যাব। পুৰণি ঋণ আদায় নোহোৱাৰ ফলত বেঙ্কৰ পক্ষে নতুন ঋণ দিয়াটো কঠিন হৈছিল। বৰ্তমান আৰু সেই মূৰৰ কামোৰ নাথাকিব। ১০০ টকাৰ অনাদায় ঋণৰ কাগজ-পত্র হাতলৈ নিলে এই কোম্পানীয়ে প্রথমতেই বেঙ্কক ১৫ টকা পৰিশোধ কৰিব। বাকী ৮৫ টকাৰ বাবে গেৰান্টি হিচাবে ৰচিদ দিয়া থাকিব। এইবাৰ কর্প’ৰেট কোম্পানীৰ পৰা অনাদায় ঋণ আদায়ৰ চেষ্টা কৰা হ’ব। একান্তই সম্ভৱ নহ’লে বন্ধকত ৰখা সম্পত্তি নিলামত দি টকা উদ্ধাৰৰ চেষ্টা কৰা হ’ব। ৮৫ টকাৰ ভিতৰত যিমানখিনি ধন উদ্ধাৰ কৰিব পৰা নাযাব, তাৰ বাবে চৰকাৰ দায়বদ্ধ থাকিব।

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে জনোৱা মতে, কেন্দ্রীয় মন্ত্ৰীসভাই এই গেৰান্টিৰ বাবদ ৩০,৬০০ কোটি টকা অনুমোদন কৰিছে। সম্প্ৰতি ৰাজকোষৰ পৰা কোনো ধন খৰচ হোৱা নাই। পাঁচ বছৰ সময় দিয়া হ’ব। তাৰ মাজত অনাদায় ঋণৰ সম্পূৰ্ণ ধন উদ্ধাৰ নহ’লে এই গেৰান্টিৰ ধন চৰকাৰে দিব লাগিব।

বিত্তমন্ত্ৰীয়ে জনোৱা মতে, বেড বেংকে ২ লাখ কোটি টকাৰ অনুৎপাদক সম্পদৰ দায়িত্ব ল’ব। প্রথমে ৯০ হাজাৰ কোটি টকা অনাদায় ঋণৰ সমস্যা সমাধান কৰিব। ৫০০ কোটি টকাৰ বেছি ঋণবোৰ ইয়াৰ বাবে চিনাক্ত কৰা হৈছে। এই কোম্পানীৰ ৫১% মালিকানা ৰাষ্ট্ৰীয়কৃত বেঙ্কবোৰ। প্রাথমিকভাবে বেঙ্কক ১৫% নগদ পৰিশোধ কৰিবলৈ প্রায় ৬০০০ কোটি টকা লাগিব। নতুন কোম্পানী গঠনত অনুমোদনৰ পিছত এতিয়া কেৱল ৰিজার্ভ বেঙ্কৰ লাইছেন্সৰ অপেক্ষা। যাৱতীয় অনুৎপাদক সম্পদৰ খণ্ডত আবদ্ধ হৈ থকা টকা উদ্ধাৰত ‘ইণ্ডিয়া ডেট ৰিজলিউছন কোম্পানী’ নামৰ আৰু এটি কোম্পানীও গঠন হৈছে।

 

 

 

 

 

 

 

Leave a Reply