# নিউজ ডেস্ক #
শ্বেয়াৰ বজাৰত নতুন ৰেকর্ড। প্রথমবাৰৰ বাবে ৫৫ হাজাৰ অতিক্ৰম কৰিলে ছেনছেক্সে। আজি দিনটোৰ আৰম্ভণিতেই ৫৫ হাজাৰ স্পৰ্শৰ দিশে আগবাঢ়ে ছেনছেক্স। এটা সময়ত ৫৫,৩৫০ৰ ওচৰে-পাজৰে উপনীত হয় ছেনছেক্স। লগতে নিফটিও ১৬,৫০০ৰ আশেপাশে।
ছেনছেক্সৰ শ্বেয়াৰবোৰৰ ভিতৰত টিচিএছৰ বৃদ্ধিৰ হাৰ সকলোতকৈ বেছি। ৩.১৫ শতাংশ বৃদ্ধি। এলটিৰ বৃদ্ধিৰ হাৰো তেনে ধৰণৰ। ভাৰতী এয়াৰটেল, লাৰছেন, বাজাজ অটোৰ বৃদ্ধিও ভাল। অৱশ্যে টাটা ষ্টীল, পাৱাৰ গ্রিড, এনটিপিচি, ইণ্ডাছইণ্ড বেঙ্কৰ মূল্যৰ পতন হৈছে। উল্লেখ্য, আজি ০.৯২ বৃদ্ধি পাইছে ছেনছেক্স। আনহাতে, নিফটি প্রায় ০.৮৫ শতাংশ বৃদ্ধি পাইছে।
বিশেষজ্ঞসকলৰ মতে, ‘শ্বেয়াৰ বজাৰত এই ঊর্ধ্বগতিৰ এতিয়াই ব্যাহত হোৱাৰ কোনো সম্ভাৱনা নাই। বিশ্ব বজাৰতো এই মুহূর্তত সহায়ক পৰিস্থিতি আছে। খুচুৰু বিনিয়োগকাৰী উজ্জীৱিত আৰু এই প্রৱণতাই নিফটিক ১৬,৫০০ পাৰ কৰাইছে। ডাঙৰ ডাঙৰ ব্যক্তিগত বেঙ্ক আৰু প্রথম শাৰীৰ আইটি কোম্পানিবোৰৰ জৰিয়তেই এই বৃদ্ধি ঘটা বুলি তেওঁলোকৰ মত।