বিশেষ প্ৰতিবেদন
কম মূলধনেৰে কৰিব পৰা বহু ব্যৱসায় আছে৷ যদি সঠিক ব্যৱসায় চিনাক্ত কৰি আয়াৰ বাবে সঠিক পৰিকল্পনা গ্ৰহণ কৰিব পৰা যায়, তেনেহ’লে ইয়াৰ পৰা উপকৃত হোৱাটো খাটাং৷ তলত তেনে কেইটামান ক্ষুদ্ৰ ব্যৱসায়ৰ কথা উল্লেখ কৰা হ’ল, যাৰ বাবে তেনে বিশেষ মূলধনৰো প্ৰয়োজন নাই৷

১) চাহপাতৰ বেগ উৎপাদন
অসম চাহৰ বাবে বিখ্যাত৷ ইয়াত বিভিন্ন ধৰণৰ চাহ উৎপাদন হয়৷ বৃহৎ কোম্পানীবোৰৰ উপৰি অসমত ক্ষুদ্ৰ চাহে এক বৃহৎ পৰিসৰ পাইছে৷ লগতে শেহতীয়াভাৱে জৈৱিক চাহৰ বজাৰখনতো এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে দখল ল’বলৈ আৰম্ভ কৰিছে৷ কিন্তু চাহপাত পেকিঙৰ বাবে যি বেগ অৰ্থাৎ পেকেট ব্যৱহাৰ কৰা হয়, সেইবোৰ বহিঃৰাজ্যৰ পৰা আমদানি হয়৷ অসমত এই চাহপাতৰ বেগ উৎপাদন ব্যৱসায়ৰ এক বৃহৎ সম্ভাৱনা আছে৷ উপযুক্ত আৰু সঠিক পৰিকল্পনাৰে চাহপাতৰ বেগ উৎপাদনৰ ব্যৱসায় হাতত ল’লে ইয়াৰ পৰা লাভৱান হ’ব পৰা যায়৷ ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ, কেঁচামাল, ডিজাইন আদিৰ লগতে কাৰখানাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতিৰ বিষয়ে সঠিক তথ্য আহৰণ কৰি আগবাঢ়িলে এই ব্যৱসায়ত সফল হ’ব পৰা যায়৷

২) ডেলিভাৰী ছাৰ্ভিচ
বৰ্তমান কৰ্মব্যস্ত জীৱনত মানুহৰ ঘৰতে বস্তু-বাহানি পোৱাৰ মানসিকতা গঢ়ি উঠিছে৷ সেয়ে ডেলিভাৰী ছাৰ্ভিচ অৰ্থাৎ বস্তু বিতৰণ সেৱা বৰ্তমান সময়ত এক উৎকৃষ্ট ব্যৱসায়ৰ বিকল্প হ’ব পাৰে৷ লগতে ইয়াৰ জৰিয়তে ব্যৱসায়িক লাভালাভৰ সম্ভাৱনাও যথেষ্ট৷ ইয়াৰ বাবে মাথোঁ প্ৰয়োজন সঠিক সেৱা নিৰ্বাচন কৰাটো৷ ইণ্টাৰনেট সেৱাৰ পৰাও এই দিশত সহায় ল’ব পাৰে৷ লগতে নিজৰ যদি কিছু উদ্ভাৱনীমূলক চিন্তা থাকে তেন্তে ইয়াৰ সফলতা অধিক সুদৃঢ় হ’ব৷

৩) ক্ষুদ্ৰ চাহখেতি
চাহখেতিও এই ক্ষেত্ৰত অন্য এক বিকল্প হ’ব পাৰে৷ বৰ্তমান এই ক্ষেত্ৰখনত বহু উচ্চ শিক্ষিত যুৱক-যুৱতী জড়িত হৈ পৰিছে৷ ইয়াৰ বাবে প্ৰয়োজন চাহখেতিৰ বাবে প্ৰয়োজনীয় জ্ঞান৷ এই জ্ঞান আহৰণৰ পিছত প্ৰয়োজন হ’ব চাহখেতিৰ বাবে উপযুক্ত মাটি৷ যদি আপোনাৰ চাহখেতিৰ বাবে উপযুক্ত মাটি আছে বা ইয়াৰ যোগাৰ কৰিব পাৰে তেনেহ’লে ক্ষুদ্ৰ চাহখেতিৰ দিশত মনোনিবেশ কৰিব পাৰে৷ বৰ্তমান বিশ্ব বজাৰত অসমৰ জৈৱিক চাহে সমাদৰ লাভ কৰিছে৷ সেয়ে জৈৱিক চাহৰ ক্ষেত্ৰত মনোনিবেশ কৰি তাৰ পৰা লাভৱান হ’ব পাৰে৷ আপুনি চাহখেতিৰ লগতে চাহপাত উৎপাদন প্ৰক্ৰিয়ালৈও পৰ্যায়ক্ৰমে অগ্ৰসৰ হ’ব পাৰে৷

৪৷ মৎস্য পালন
অসমত পুখুৰী, জলাশয় আদিৰ অভাৱ নাই৷ অসমৰ মুঠ জল সম্পদ হৈছে ২.৮৬ লাখ৷ সেয়ে মৎস্য পালনৰ ব্যৱসায় এক উৎকৃষ্ট নতুন ব্যৱসায়িক ধাৰণা হ’ব পাৰে৷ প্ৰাকৃতিকভাৱে নতুবা ঘৰতে কৃত্ৰিমভাৱেও মৎস্য পালনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ আজিকালি এই খণ্ডটোত চৰকাৰী সহযোগিতাও যথেষ্ট৷ আমাৰ থলুৱা মাছৰ লগতে বিভিন্ন বৰ্ণসংকৰ প্ৰজাতিৰ মাছ পুহিও যথেষ্ট লাভৱান হ’ব পৰা যায়৷ ইতিমধ্যে এই ব্যৱসায়ৰ জৰিয়তে বহুতে উপকৃত হৈছে৷ সেয়ে সময় নষ্ট নকৰি এক উপযুক্ত পৰিকল্পনাৰে মাছ উৎপাদন আৰু পালনৰ ব্যৱসায়ত হাত দিব পাৰে৷

৫) বেকাৰী ব্যৱসায়
বেকাৰী ব্যৱসায়ো অন্য এক উত্তম ব্যৱসায়৷ যিহেতু দৈনিক বৃহৎ মাত্ৰাত বেকাৰী সামগ্ৰী ৰাজ্যৰ চুকে-কোণে ব্যৱহাৰ হৈ আছে, গতিকে সেই ক্ষেত্ৰত এই ব্যৱসায় উৎকৃষ্ট বুলি ক’ব পাৰি৷ ইয়াৰ চাহিদা সদায় আছে আৰু ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে৷ মাত্ৰ উৎপাদিত সামগ্ৰীৰ গুণাগুণৰ ওপৰত যদি অলপ বেলেগ ধৰণে গুৰুত্ব প্ৰদান কৰা হয়, তেনেহ’লে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাব৷ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে উৎপাদন বৃদ্ধি পাব, সমান্তৰালভাৱে লাভৰ পৰিমাণ বাঢ়িব৷ এই ব্যৱসায় নিজৰ ঘৰৰ পৰাও আৰম্ভ কৰিব পৰা যায়৷ লগতে নিজে বিক্ৰী কেন্দ্ৰ খোলাৰ লগতে অন্য বিক্ৰী কেন্দ্ৰতো যোগান ধৰিব পৰা যায়৷