# সোণমণি হালৈ #
২৮ কিলোমিটাৰ সদায় চাইকেল চলাই গৈ নলবাৰী কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছিলোঁ। তাৰ পিছত চাকৰি বিচাৰি কিমান যে আবেদনৰ নামত টকা খৰচ কৰিলোঁ হিচাপ নাই। এতিয়া লাজ নকৰোঁ। স্নাতক উত্তীৰ্ণ হৈ গুৱাহাটী মহানগৰৰ বেলতলাত শাক-পাচলিৰ দোকান দিছোঁ। আজি ৫ বছৰ দোকান দিলোঁ। নিজকে স্বাৱলম্বী বুলি কওঁ।
দোকানলৈ পাচলি কিনিবলৈ অহা বহু মানুহে মোক প্ৰেৰণা দিয়ে- ‘অসমীয়া ল’ৰা দোকান দিছা ভাল লাগিছে। আজিকালি অসমীয়া ল’ৰাই ফুটপাথত দোকান নিদিয়ে, তুমি দিছা ভাল লাগিছে৷’ বৰষুণ দিলে ঠেলাত দোকান দিওঁ। সেইবোৰ কথাই মোক বহুত প্ৰেৰণা দিয়ে। ফুটপাথত দোকান দি মই আজি তিনিখন দোকান কৰিলোঁ।
সেইবাবে বন্ধুবোৰক কৈছোঁ, লাজ নকৰি কাম কৰি যোৱা। সফল এদিন হ’বাই। চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰি লাভ নাই। ১০০জনৰ ভিতৰত এজনেহে চাকৰি পায়। মোৰ দোকানলৈ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া মাহত তিনিবাৰমান আহে। মোক প্ৰেৰণা দিয়ে। মোৰ লগত ভাল চিনাকি আছে। দিলীপ শইকীয়া ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।
মই ২০১৪ চনৰ পৰা দোকান দিছোঁ ফুটপাথত। গুৱাহাটীত কিবা কৰিম বুলি আহোঁতে গাঁৱৰ পৰা হাজিৰা কৰি পোৱা ১৪০০ টকা লৈ গুৱাহাটীলৈ আহিছিলোঁ। আজি পাচলি দোকান দি মই যিখিনি কৰিছোঁ মোৰ দোকানলৈ আহিলে দেখা পাব। মোৰ দোকান হৈছে বেলতলা ছাৰ্ভেত। ৰাস্তাৰ কাষত। সকলো অসমীয়া যুৱ বন্ধুলৈ আহ্বান- কৰ্ম কৰক লাজ নকৰিব। নহ’লে দেখা পাইছে আজি অসমীয়া জাতি ক’ত আছে।
গুৱাহাটীৰ ফাঁচী বজাৰলৈ গ’লে গম পাব, পামহি পাচলি বজাৰলৈ গ’লে গম পাব, বাকীখিনি নকওঁ। এটা চাকৰিৰ কাৰণে আমি ১০০জন ল’ৰা লাগো। চাকৰি পাব কিন্তু এটাই। চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰিব। ফুটপাথত দোকান দি মাহত আৰামত ৩০,০০০ টকা উপাৰ্জন কৰিব পাৰিব। নহ’লে চকুৰ আগত আমাৰ ব্যৱসায়বোৰ বেলেগ মানুহে কৰি আছে।
আহক আমি সকলো অসমীয়া ডেকা কৰ্মমুখী হওঁ। মই পুৱা ৫টাৰ পৰা নিশা ১২টালৈ ব্যৱসায়ত মনোযোগ দিওঁ। আজি মই মাহত বহুত ভাল উপাৰ্জন কৰি আছোঁ। যিটো উপাৰ্জন চৰকাৰী চাকৰি এটাৰ দৰমহাৰ সমান।