# নিউজ ডেস্ক #
আপুনি বিনিয়োগ কৰা এক লাখ টকা ১২ বছৰত ৩.৫ কোটি টকালৈ পৰিণত হ’ব পাৰে। তাকো কেৱল শ্বেয়াৰত বিনিয়োগৰ পৰাই! শ্বেয়াৰ বজাৰত বাজাজ ফিনান্সৰ পৰিসংখ্যা আৰু ইতিহাস অধ্যয়ন কৰি এয়াই অনুমান কৰিছে বিশেষজ্ঞসকলে।
কৰোনা ভাইৰাছৰ প্রথম ঢৌৰ সময়ত ব্যাপক আঘাত পৰিছিল ভাৰতৰ শ্বেয়াৰ বজাৰত। সেই প্রাথমিক বিপর্যয় আঁতৰাই বিগত বছৰৰ জুলাইৰ পৰা পুনৰ বজাৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে। কৰোনাৰ প্রথম ঢৌৰ সময়ত যি ক্ষতি হৈছিল, সেয়া পূৰণৰ লগতে নতুন শিখৰতো উঠিছিল শ্বেয়াৰ বজাৰ। অৱশ্যে তাৰ মাজতো এনে কেইটামান কোম্পানী আছে, যিবোৰৰ শ্বেয়াৰ বজাৰত সদায়ে প্রিয় হৈ আছে। তেনে এটি কোম্পানী হ’ল বাজাজ ফিনান্স। পৰিসংখ্যা অনুযায়ী, শ্বেয়াৰ বজাৰত এটা সময়ত বাজাজ ফিনান্সৰ প্রতিটো শ্বেয়াৰৰ মূল্য আছিল ১৭.৬৪ টকা। যিটো বৰ্তমান বৃদ্ধি পাই হৈছে ৬,১৭৭.০৫ টকা। অর্থাৎ বিগত ১২ বছৰত ৩৪৯ শতাংশ মূল্যৱান হৈছে বাজাজ ফিনান্সৰ শ্বেয়াৰ।

নেচনেল ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হোৱাৰ সময় ২০০২ চনৰ ৫ জুলাইত বাজাজ ফিনান্সৰ প্রতিটো শ্বেয়াৰৰ মূল্য আছিল ৫.৭৫ টকা। ২০০৮ চনত বিশ্বব্যাপী আর্থিক মন্দাৰ সময়ত প্রতিটো শ্বেয়াৰৰ মূল্য ৪৫ টকা আছিল। বজাৰ কিছু স্থিতিশীল হোৱাৰ পিছত আৰু বাঢ়ি থাকে বাজাজ ফিনান্সৰ মূল্য। যি ধাৰা এতিয়াও অব্যাহত হৈ আছে। তাৰ ফলতে বিগত ১২ বছৰত বাজাজ ফিনান্সৰ শ্বেয়াৰৰ মূল্য প্রায় ৩৫০ গুণ বৃদ্ধি পাইছে। বিগত পাঁচ বছৰত বাজাজ ফিনান্সৰ শ্বেয়াৰত ৪৯৫ শতাংশ টকা পোৱা গৈছে। বিগত এটা বছৰত সেয়া উপনীত হৈছে ৯৫ শতাংশত। অন্তিম ছয় মাহত ২৫ শতাংশৰ বেছি টকা ঘূৰাই পোৱা গৈছে।