শ্বেত বিপ্লৱ

File photo

অদীপ কুমাৰ ফুকন

অসমত গাখীৰ প্ৰয়োজন ২৪৮০ নিযুত লিটাৰ৷ উৎপাদন হয় ৮৮২ নিযুত লিটাৰ৷ গতিকে অসমত আৰু ১৫৯৮ নিযুত লিটাৰ গাখীৰৰ প্ৰয়োজন৷ এই প্ৰয়োজনখিনি পূৰণ কৰি আছৌ ৰাজ্যৰ বাহিৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে৷ এই তথ্য ২০১৮-১৯ বৰ্ষৰ৷ এতিয়া সিদ্ধান্ত লোৱাৰ সময়, গাখীৰৰ ক্ষেত্ৰতো আমি আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ’ম নে নিজৰ ভৰিত থিয় হ’ম৷
তাৰ বাবেই অসমত আৰম্ভ কৰো আহক ‘শ্বেত বিল্পৱ’৷ জাতীয় চিকিৎসা গৱেষণা পৰিষদৰ প্ৰতিবেদন মতে প্ৰতিজন মানুহে ২০৮ মিলি লিটাৰ গাখীৰ দৈনিক খাব লাগে৷ ২০১৫-১৬ৰ অৰ্থনৈতিক জৰীপৰ তথ্য অনুসৰি অসমত ৭৪ মিলি লিটাৰ গাখীৰহে গড়ে প্ৰতিজন লোকে খাবলৈ পায়৷ এই পৰিপেক্ষিতে অসমৰ জনসাধাৰণৰ দৈনন্দিন গাখীৰৰ চাহিদা আৰু গাখীৰৰ পৰা হ’ব পৰা বিভিন্ন উপাদনসমূহ উৎপাদন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হওক৷ গাখীৰ উৎপাদন আৰু গাখীৰ ৰপৰা হ’ব পৰা উৎপাদিত সামগ্ৰীসমূহৰ বাবে উদ্যোগ গঢ়ি তোলালৈকে গোটেই প্ৰক্ৰিয়াটোক সাঙুৰি এক ‘শ্বেত বিপ্লৱ’ৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ লগতে শ্বেত বিপ্লৱৰ কাৰ্যসূচীৰ জৰিয়তে শিক্ষিত অর্ধশিক্ষিত, অশিক্ষিত নিবনুৱাৰ এক বৃহৎ সংখ্যকক পৰিকল্পিতভাৱে সংস্থাপনৰ পথ মুকলি কৰিব পৰা যাব৷ ‘শ্বেত বিপ্লৱ’ৰ উদ্দেশ্য হ’ব-

• গ্ৰাম্য অঞ্চলৰ নিবনুৱাসকলৰ গৰু পোহাৰ দ্বাৰা আত্মসংস্থাপন৷
• দীৰ্ঘম্যাদী ভিত্তিত নিবনুৱাসকলক বিভিন্ন দিশৰ লগতে দুগ্ধ উদ্যোগ গঢ়া আৰু সংস্থাপনৰ পথ উলিওৱা৷
• গ্ৰাম্য অঞ্চলৰ অর্থনৈতিক বিকাশ৷
• ৰাজ্যৰ জাতীয় আয় তথা ৰাজহ বৃদ্ধি কৰা৷
• পুঁজিৰ বহিঃগমন বন্ধ কৰা৷

গাখীৰ উৎপাদন : গাখীৰ উৎপাদন প্ৰক্ৰিয়া মূলতঃ তিনিটা স্তৰৰ পৰা কৰিব পৰা যায়-
১৷ চৰকাৰী অনুদানপ্ৰাপ্ত ব্যক্তিগত গো-পালক
২৷ চৰকাৰী অনুদান প্ৰাপ্ত দুগ্ধ সময়বায়৷
৩৷ দুগ্ধ উৎপাদন কৰা ব্যক্তিগত গো-পালক আৰু সমবায়সমূহ৷

অসম ত২০১২ চনত গৰুৰ সংখ্যা আছিল ১০.৩ নিযুত৷ ২০১৯ত ১০.৯ নিযুতলৈ বৃদ্ধি পালে৷ ইয়াৰে প্ৰায় ৬ শতাংশ বর্ণসংকৰ আৰু বাকীখিনি সাধাৰণ শ্ৰেণীৰ গৰু৷ গাখীৰ উৎপাদন আৰু প্ৰয়োজানৰ ওপৰত ভিত্তি কৰি গৰুৰ সংখ্যা আৰু দুগুণ বৃদ্ধি কৰিব লাগিব৷ এইক্ষেত্ৰত অধিক গাখীৰ দিব পৰা বর্ণসংকৰ আৰু অধিকভাৱে প্ৰয়োজন হ’ব৷ অসমত ৫৪ শতাংশ গাখীৰ থলুৱা গৰুৰ পৰা আহৰণ কৰাৰ বিপৰীতে ২৮ শতাংশ বর্ণসংকৰ গৰুৰ পৰা পোৱা যায়৷ বাকী অংশ মহৰ পৰা আহৰণ কৰা হয়৷ অসমৰ প্ৰয়োজনীয় গাখীৰ ৰাজ্যৰ বাহিৰৰ পৰা অনাৰ জৰিয়তে দৈনিক প্ৰায় ৪৩ লাখ লিটাৰ অতিৰিক্তভাৱে উৎপাদন কৰিব লাগিব৷ এই অতিৰিক্ত ৪৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ২০ লাখ লিটাৰ উৎপাদনৰ বাবে বৰ্ণসংকৰ গৰুৰ ক্ষেত্ৰত ২ লাখ গৰু আৰু ২৩ লাখ স্থানীয় গাইৰ দুটা উৎপাদন কৰিবলৈ হ’ল প্ৰায় ৭ লাখ ৫০ হাজাৰ গাই প্ৰয়োজন হ’ব৷ ব্যক্তিগত লোকক তিনিজনীকৈ গাই দিলে প্ৰায় ৩ লাখ ২০ হাজাৰ গোপালকৰ ৰূপত নিবনুৱা যুৱক-যুৱতীক জিলা ভিত্তিত ১০০ জনকৈ গো-পালকলৈ মুঠতে ৩,২০০ খন দুগ্ধ সমবায় সমিতি গঠন কৰা প্ৰয়োজন হ’ব৷

গো-পালনৰ ক্ষেত্ৰত বৰ্ণসংকৰ গাইৰ প্ৰাধান্য দিয়া সমীচিন হ’ব৷ স্থানীয় গাইতকৈ বৰ্ণসংকৰ গায়ে চাৰি-পাঁচগুণ বেছিকৈ গাখীৰ দিবলৈ সক্ষম হয়৷ অসম বানপীড়িত অঞ্চল হোৱা বাবে সৰহভাগ ঠাই বছৰৰ বহু সময় পানীৰ তল গৈ থাকে৷ এনে ক্ষেত্ৰত অসমত ম’হ পালন বিশেষভাৱে সুবিধাজনক৷ ম’হৰ গাখীৰত চৰ্বিৰ পৰিমাণ গৰুৰ গাখীৰতকৈ বেছি থকাৰ বাবে ম’হৰ গাখীৰৰ পৰা অধিক ধন আয় কৰিব পাৰি৷ আনহাতে, মাইকী ম’হেৰে হাল বোৱাতো বিশেষভাৱে সামাজিক বা ধর্মীয় বাধা নাই৷ গতিকে গাখীৰ উৎপাদনৰ লগতে অসমৰ কৃষকৰ খেতিৰ ক্ষেত্ৰতো সহায়ক হ’ব৷ পঞ্জাৱ, হাৰিয়ানা, গুজৰাট আদি ৰাজ্যত মুঠ গাখীৰ উৎপাদনৰ ৭৫ শতাংশ ম’হৰ গাখীৰ৷

মুলধনৰ প্ৰসংগত : অসমৰ সমাজখন আৰ্থিক দিশত অতি দুৰ্বল হোৱাৰ বাবেই প্ৰতিটো ক্ষেত্ৰতে চৰকাৰমুখী হ’বলৈ বাধ্য হয়৷ চৰকাৰৰ অনুদানসমূহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিবলগা হয়৷ বা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ঋণ পোৱাৰ ক্ষেত্ৰত চৰকাৰৰ পৃষ্ঠপোষকতাৰ প্ৰয়োজন হয়৷ এইক্ষেত্ৰত চৰকাৰে বেংকৰ জৰিয়তে ঋণৰ ব্যৱস্থা আৰু চৰকাৰী অনুদান দিয়াৰ বাবে এক কাৰ্যকৰী পদ্ধতি স্থিৰ কৰিব লাগিব৷ গো-পালকসকলে সমবায়ৰ জৰিয়তে গাখীৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰি সমবায়সমূহক জৰিত কৰি চৰকাৰৰ তথ্য বিত্তীয় প্ৰতিষ্ঠানসমূহে আৰ্থিক সহযোগ কৰিব পাৰে৷
গাখীৰ সংগ্ৰহ আৰু বিক্ৰী : অসমত ইতিমধ্যেই ৮৮২ নিযুত লিটাৰ গাখীৰ উৎপাদন কৰি থকা গো-পালক আৰু ১৫৯৮ নিযুত লিটাৰ গাখীৰ উৎপাদন কৰিব লগা গো-পালকসকলৰ লৈ ৰাজ্যত কমেও ৫ হাজাৰ দুগ্ধ সমবায় সমিতি গঠন কৰিব পৰা যাব৷ এই সমবায় সমিতিসমূহক লৈ ৰাজ্যত বহুকেইটা বহুমূখী গাখীৰ সংগ্ৰহ, বিক্ৰী আৰু অন্যান্য গাখীৰৰ পৰা খাদ্য প্ৰস্তুত কৰাৰ বাবে বিজ্ঞানসন্মত আধুনীক প্ৰতিষ্ঠান গঢ়ি তোলাৰ প্ৰয়োজন হ’ব৷

‘শ্বেত বিপ্লৱ’ কাৰ্যসূচীৰ দ্বাৰা নিবনুৱা সংস্থাপনৰ এটা বৃহৎ সুযোগ ওলোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ শক্তিশালী সহযোগ পোৱা যাব৷ গো-পালক গাখীৰ সংগ্ৰহ কৰ্মী বাহিনী, গাখীৰ বিক্ৰী কৰ্মী বাহিনী, শীতলীকৰণ কেন্দ্ৰ, দৈ-ঘিউ-ক্ৰীম বিক্ৰী কেন্দ্ৰ আৰু মাৰ্কেটিং তথা প্ৰশাসনীয় ক্ষেত্ৰত বৃহৎ অংকৰ সংস্থাপন পথ মুকলি হ’ব৷

গো-পালন, গাখীৰ, উৎপাদন, যোগান আদিৰ লগতে গো প্ৰতিপালন, কৃত্ৰিম প্ৰজনন কেন্দ্ৰ, খাদ্য প্ৰস্তুতৰ বাবে উদ্যোগ, পশু খাদ্য, ঘাঁহ উৎপাদন, ঘাঁহৰ বীজ উৎপাদন, গো-পালনৰ প্ৰশিক্ষণ, পশু চিকিৎসা কেন্দ্ৰ, দুগ্ধ পেকেজিং, দুগ্ধ পৰিবহণকে লৈ এক শক্তিশালী সংস্থাপনৰ পথ মুকলি কৰিব পৰা যাব৷ প্ৰায় ৭ লাখ লোকৰ সংস্থাপনৰ ক্ষেত্ৰ ‘শ্বেত বিপ্লৱ’ৰ কাৰ্যসূচী অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ গাখীৰৰ বজাৰখন লক্ষ্য কৰি আমি আগবঢ়িলে প্ৰায় ৫ কোটি গ্ৰাহকক লক্ষ্য কৰিয়েই অসমৰ বাহিৰৰ দুগ্ধ ব্যৱসায় প্ৰতিষ্ঠানসমূহে ব্যৱসায় কৰি আছে৷ এই ব্যৱস্থাক প্ৰত্যাহ্বান জনায় গাখীৰ উৎপাদনত অসম আত্মনিৰ্ভৰশীল হ’ব লাগিব৷

Leave a Reply