ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ

ফাইল ফটো

# নিউজ ডেস্ক #

২০২১-২২ বৰ্ষৰ বাজেট উত্থাপন কৰি ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে কয়- পুখুৰী খান্দি লোৱাটো অসমীয়া গ্ৰাম্য জীৱনৰ এক পৰম্পৰা৷ খোৱাপানী, জলসিঞ্চন, ৰীতি-নীতি, সৌন্দৰ্যবৰ্ধন, কোনো ঘটনাৰ স্মৃতি ৰক্ষাৰ্থে, জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু ৰাজহুৱাকৈ মাছ ধৰা কাৰ্যৰ বাবে পুখুৰী খন্দা হৈছিল৷

সমূহীয়া মীন পালনেৰে মৎস্য উৎপাদন বৃদ্ধিৰ বাবে ৰাজহুৱা পুখুৰীবোৰ ব্যৱহাৰ কৰিব পাৰি৷ এই সূত্ৰৰ আলমত ৰাজহুৱা ভূমিত পুখুৰী খন্দা হ’ব৷ অসমত পৰ্যাপ্ত ৰাজহুৱা ভূমি বিদ্যমান আৰু শেহতীয়াভাৱে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে ৰূপায়িত ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনি’ৰ সফলতাই ৰাজহুৱা পুখুৰীত মীন পালনৰ ৰাজহুৱা পুখুৰীত মীন পালনৰ জৰিয়তে আৰ্থ-সামাজিক উন্নয়নৰ আন এক দিশ উন্মোচিত কৰিছে৷

সেয়েহে অসমৰ প্ৰতিখন ৰাজহ গাঁৱতে একোটা ৰাজহুৱা পুখুৰী নিৰ্মাণেৰে সমূহীয়া মীন পালনৰ পোষকতা কৰা হৈছে৷ অসমত বৰ্তমান ২৬,৩৯৫খন ৰাজহ গাঁও আছে৷ ইয়াৰে প্ৰতিখন গাঁৱতে ১ হেক্টৰ মাটিকালিৰ একোটাকৈ পুখুৰী নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে৷ প্ৰথম পৰ্য়ায়ত বৰ্তমান বিত্তীয় বৰ্ষত ১০,০০০ গ্ৰাম্য ৰাজহুৱা পুখুৰী খান্দিবলৈ পৰিকল্পনা কৰা হৈছে৷ ই ৰাজ্যত বছৰেকত ৫০,০০০ মেট্ৰিক টন অতিৰিক্ত মৎস্য উৎপাদন নিশ্চিত কৰিব আৰু এক লাখ লোকৰ নিয়োগ সম্ভাৱনীয়তা সম্ভৱপৰ কৰিব৷

Leave a Reply